Lovlina Borgohain: ফাইনেলত প্ৰৱেশ লাভলীনা; বাসগৃহত আনন্দৰ বন্যা - Asian Games 2023
🎬 Watch Now: Feature Video


Published : Oct 3, 2023, 7:03 PM IST
সৰুপথাৰ,৩ অক্টোবৰ: এছিয়ান গেমছৰ ছেমি ফাইনেলত বিজয় লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁইয়ে । ৫-০ ব্যৱধানত থাইলেণ্ডৰ বক্সাৰক হৰুৱাই এছিয়ান গেমছৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ অসম কন্যাৰ । ইয়াৰ লগে লগে ২০২৪ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে লাভলীনাই । লাভলীনাৰ সফলতাৰ পিছতে গৃহচহৰ বৰপথাৰত এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে ।
একেই পৰিৱেশ বিৰাজ কৰিছে বাৰমুখীয়াস্থিত বাসগৃহতো । কন্যাৰ সফলতাত আনন্দিত হৈ পৰে পিতৃ টিকেন বৰগোঁহাই । পৰৱৰ্তী খেলসমূহত যাতে লাভলীনাই সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিব পাৰে তাৰ বাবে অসমবাসীৰ পৰা আৰ্শীবাদ কামনা কৰে লাভলীনা বৰগোহাঁইৰ পিতৃয়ে । চলিত এছিয়ান গেমছত বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত মঙলবাৰে অৱৰ্তীণ হৈছিল ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁই ৷
লগতে পঢ়ক: Ranoj Pegu: শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা হোৱা নাই; শিক্ষামন্ত্রীৰ চাফাই