Insect in paddy field: চৰহা পোকে তহিলং কৰিছে সেউজীয়া পথাৰ; ডিব্ৰুগড়ত কৃষকৰ মাজত হাহাকাৰ - Insect in paddy field

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 30, 2023, 8:15 PM IST

মৰাণ, ৩০ জুলাই: কৃষকৰ যেন সমস্যাৰ অন্ত নাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ বহু কৃষকৰ পথাৰ বানে বুৰাই যোৱাৰ পাচত ন উদ্যমেৰে কৃষকসকলে খেতি পথাৰত ব্যস্ত হৈছিল যদিও পুনৰ অন্য এক সমস্যাই দেখা দিছে । শাওণৰ পথাৰ সেউজীয়া হ'বলৈ ধৰা সময়তে চৰহা পোকৰ উপদ্ৰৱে চিন্তাত পেলাইছে কৃষকক । মৰাণৰ সমীপৰ খোৱাঙৰ বাঁ‌হনি পথাৰ, বাঘটলী পথাৰ আৰু বাঘটলী সোনোৱাল গাঁৱৰ শ শ বিঘা কৃষি ভূমিত এতিয়া চৰহা পোকৰ তাণ্ডৱ ।

ক'লা ৰঙৰ চৰহা পোক বিধে খাই তহিলং কৰিছে শ শ বিঘা সেউজীয়া পথাৰ । আপোন পথাৰ ডৰাত ভুঁই ৰুই অহাৰ পিচতে এই চৰহা পোক বিধে ৰোৱাসমূহ অনিষ্ট কৰি পেলোৱাত এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে । কোনো কোনো কৃষকে নিজা প্ৰচেষ্টাৰে পথাৰত ঔষধ প্ৰয়োগ কৰিছে যদিও সফল হোৱা নাই । 

বহু কৃষকে ভগৱানৰ ওপৰতে ভৰষা কৰি চাই ৰৈছে পথাৰখনলৈ । কপালৰ ঘাম মাটিত পেলাই অনেক কষ্টৰে কৰা খেতি ডৰাৰ এই ৰূপ দেখি কৃষক সকল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে ।  

ইপিনে, কৃষি বিভাগৰ ফালৰ পৰাও কোনো বিষয়াই খবৰ নোলোৱাৰ অভিযোগ তুলিছে কৃষক ৰাইজে । ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে কৃষকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰি আহিছে যদিও কাৰ্যতঃ এই সকল কৃষক বঞ্চিত হৈ আহিছে কৃষি বিভাগে প্ৰদান কৰা সুবিধাৰ পৰা । 

বিঘাই বিঘাই কৃষি ভূমি চৰহা পোকৰ উপদ্ৰৱত নষ্ট হৈছে যদিও কোনোধৰণৰ ঔষধ প্ৰদান কৰা পৰিলক্ষিত নহ'ল কৃষি বিভাগক। আনকি কৃষকৰ সমস্যা বুজ লোৱা বাবেও কোনো কৃষি বিভাগৰ বিষয়া অহা নাই বুলিও কয় ভুক্তভোগী কৃষকসকলে ।

লগতে পঢ়ক:Unlawful activity in Karimganj: কৰিমগঞ্জৰ শনি মন্দিৰৰ সমীপত গো-মাংস উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.