Erosion at Manikpur: আহৰি নাই জনপ্ৰতিনিধিৰ, পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ - আই নৈৰ খহনীয়া
🎬 Watch Now: Feature Video
মাণিকপুৰ, 16 জুলাই : ৰাজ্যজুৰি শাম কটা নাই বান পৰিস্থিতি ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ভাণ্ডাৰাত আই নৈৰ খহনীয়াত দিশহাৰা হৈছে কৃষকসকল ৷ খহনীয়া প্ৰতিৰোধৰ চেষ্টা নৈপৰীয়া ৰাইজৰ ৷
চলিত বৰ্ষৰ দ্বিতীয়টো বানত বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত 1, 4, 5 ,6 নং ভাণ্ডাৰা আৰু 6 নং জামদহাত আই নৈৰ খহনীয়াই সৰ্বস্বান্ত কৰিছে কৃষকসকলক ৷ বানপানী হ্ৰাস পোৱাৰ পিচতেই নৈৰ পাৰৰ অঞ্চলটোত খহনীয়াই কালৰূপ লৈছে ৷ বিঘাই বিঘাই মৰাপাটৰ খেতি উছন হৈছে নৈৰ বুকুত ৷ ফলত এতিয়া ভাবুকি আহিছে নৈপৰীয়াৰ বাসগৃহৰ প্ৰতি ৷
কিন্তু ইয়াৰ পিচতো খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, চৰকাৰ-প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ উপায়ন্তৰ হৈ নৈপৰীয়া ৰাইজে হাতে কামে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সোমবাৰে প্ৰায় দুই শতাধিক ৰাইজে হাতে কামে বাহঁৰ পাৰ্কুপাইনৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে ৷
লগতে পঢ়ক: Assam flood situation worsens : ধেমাজিত হ্ৰাস পাইছে জীয়াঢলৰ পানী