LIC Press meet over Adani issue: পূৰ্বতকৈ অধিক লাভ আদায় কৰিবলৈ সক্ষম হৈছে এল আই চি - LIC authority urges consumers for more investment
🎬 Watch Now: Feature Video
যোৰহাট, 5 মাৰ্চ : আদানী কেলেংকাৰী পোহৰলৈ অহাৰ সমান্তৰালভাৱে দেশজুৰি চৰ্চালৈ আহিছিল ভাৰতীয় জীৱন বীমা নিগম ৷ আদানীৰ জালিয়াতিৰ ফলতেই বামা নিগমটোৱে বৃহৎ লোকচানৰ সন্মুখীন হোৱা বুলি তথ্য পোহৰলৈ আহিছিল ৷ এই বিতৰ্ক অব্যাহত থকাৰ সময়তে দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি বীমা গ্ৰাহক সকলৰ টকা সম্পূৰ্ণ সুৰক্ষিত হৈ আছে বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় সদৌ ভাৰত বীমা কৰ্মচাৰী সমিতিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীকান্ত মিশ্ৰই (Adani LIC issue) ।
আদানি গ্ৰুপত ধন বিনিয়োগ কৰাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত হৈ চৈ সৃষ্টি হোৱাৰৰ ফলত বীমা গ্ৰাহকসকলৰ একাংশ যিদৰে উদ্বিগ্ন হৈছে, আচলতে সেই চিন্তা অমুলক বুলি উল্লেখ কৰে কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে । জীৱন বীমা নিগমৰ বীমাকাৰী সকলৰ টকা সম্পূৰ্ণভাৱে সুৰক্ষিত হৈ আছে বুলি উল্লেখ কৰি আদানি গ্ৰুপত এল আই চিৰ বিনিয়োগ সন্দৰ্ভত যি কথা আলোচিত হৈ আছে সেয়া হৈছে ধৰি লোৱা কিম্বা ধাৰণাগত পদ্ধতি ৷ লগতে তেওঁ কয় যে এল আই চি য়ে বজাৰত শ্বেয়াৰ বিক্ৰী কৰিলেহে প্ৰকৃত ক্ষতি হ’লহেঁতেন বুলি (LIC Press meet over Adani issue)।
এল আই চি এক দীৰ্ঘ ম্যাদী বিনিয়োগ সংস্থা বুলি উল্লেখ কৰি বৰ্তমানো এল আই চি য়ে পূৰ্বৰ দৰেই লাভৰ মুখ দেখি আহিছে বুলি মন্তব্য আগবঢ়ায় । এই সন্দৰ্ভত যুক্তি আগবঢ়ায় মিশ্ৰই কয় যে, এল আই চিৰ আদানি গ্ৰুপত বিনিয়োগ আছিল ৩৫ হেজাৰ কোটি টকা । ইয়াৰ আজিৰ বজাৰ মূল্য ৩৯ হেজাৰ কোটি টকা । গতিকে কোনো এল আই চিৰ কোনো ক্ষতি হোৱা নাই । আনকি নিগমক শক্তিশালী কি তুলিবৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় সদৌ ভাৰত বীমা কৰ্মচাৰী সমিতিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে (Loss in LIC for Adani group Scam) ৷
লগতে পঢ়ক : AAMSU Indigenous criticizes Congress : কংগ্রেছক বিজেপিতকৈও অধিক সাম্প্রদায়িক দল আখ্যা আমছু খিলঞ্জীয়াৰ
আজি যোৰহাট প্ৰেছ ক্লাৱত সদৌ ভাৰত বীমা কৰ্মচাৰী সমিতিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীকান্ত মিশ্ৰ ই জীৱন বীমাৰ পলিচী আৰু স্বাস্থ্য বীমা পলিচীৰ ওপৰত থকা ১৮শতাংশ জি এছ টি আৰু আয়কৰ উঠাই লোৱাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । লগতে কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে এল আই চিত অনতিপলমে তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰীক নিযুক্তিৰ বাবে দাবী জনায় ।
আজি অনুষ্ঠিত সংবাদমেল খনত যোৰহাট বিভাগীয় বীমা কৰ্মচাৰী সমিতি ৰ সাধাৰণ সম্পাদক দিব্যজোতি বৰুৱা, সভাপতি দেৱজিৎ শইকীয়া আৰু উপ সভাপতি হৰেশ দত্তই অংশ লয় । উল্লেখ্য যে, আদানী বিতৰ্কৰ সৈতে নিগম সাঙোৰ খায় পৰাৰ পিচতে বহু বীমা উপভোক্তাই নিৰ্ধাৰিত সময়ৰ পূৰ্বে বীমাৰ ধন উঠাই অনা পৰিলক্ষিত হৈছিল ৷ সম্প্ৰতি, নিগমটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকগৰাকীৰ এনে বক্তব্যই সৰ্বসাধাৰণৰ মাজত ৰহস্যৰ সৃষ্টি কৰাৰ লগতে সচেতন মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷