thumbnail

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 1:24 PM IST

ETV Bharat / Videos

Rabin Sonowal passes away:ৰবীন সোণোৱালৰ দেহাৱসান, সোণোৱাল কছাৰী সমাজৰ এক অপূৰণীয় ক্ষতি

ডিব্ৰুগড়, 16 অক্টোবৰ : প্ৰবীণ জাতীয়তাবাদী নেতা ৰবীন শইকীয়া সোণোৱালৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰাক্তন কাৰ্যালয় সম্পাদক, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সচিৱ প্ৰধান, বিশিষ্ট সমাজকৰ্মী, সাংবাদিক, লেখক, সোণোৱাল কছাৰী গণ মঞ্চৰ প্ৰতিষ্ঠাপক সদস্য, সোণোৱাল কছাৰী জাতিৰ এগৰাকী আপোচবিহীন জাতীয় সেৱক ৰবীন শইকীয়া সোণোৱালৰ সোমবাৰে দেহাৱসান ঘটে ।

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৰবীন সোণোৱালৰ । ৬১ বছৰীয়া ৰবীন শইকীয়া সোণোৱালৰ মৃত্যুৰ পাচতেই চিকিৎসালয়ৰ পৰা পোনে পোনে তেখেতৰ নশ্বৰ দেহ পল্টন বজাৰস্থিত জনজাতি জিৰণি গৃহলৈ লৈ যোৱা হয় । তাতেই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মিলন সোণোৱাল, সদৌ সোণোৱাল কছাৰী সমাজৰ সাধাৰণ সম্পাদক দিপক শইকীয়া, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সদস্য যতীন সোণোৱাল, সাংবাদিক হৰেণ সোণোৱাল, সদৌ অসম সোণোৱাল ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদক ৰাজু সোণোৱাল, ডিব্ৰুগড় জিলা কলাখোৱাৰী সমিতিৰ সাধাৰণ সম্পাদক ধন্টি শইকীয়া, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰবীণ জাতীয়তাবাদী নেতাজনলৈ । তেখেতৰ শেষকৃত্য খোৱাং ঘুগুলনি বৰবামৰ নিজা বাসগৃহত সম্পন্ন কৰা হ’ব বুলি পৰিয়ালে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Sonowal Kachari Gana Mancha : সোণোৱাল-কছাৰী জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ সোণোৱাল-কছাৰী গণ মঞ্চৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.