Timber seized in Dhubri:ধুবুৰীত বৃহৎ পৰিমাণৰ কাঠ আৰক্ষীৰ জিম্মাত

By

Published : May 29, 2023, 8:04 AM IST

thumbnail

ধুবুৰী, 29 মে’ : বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি হৈছে বিভিন্ন প্ৰকাৰৰ চোৰাং কাঠ । দীর্ঘদিনে চলি অহা কাঠৰ এই চোৰাং কাৰবাৰৰ বিষয়ে এক সম্ভেদ লাভ কৰে ধুবুৰীৰ বন বিভাগে ৷ গোপন তথ্যৰ ভিত্তিত দেওবাৰে ধুবুৰী বন বিভাগৰ এটা দলে ধুবুৰীৰ ভিন্ন অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চেগুন কাঠসহ দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Timber seized in Dhubri)।

প্ৰথমে এক গোপন খবৰৰ ভিত্তিত ধুবুৰী বন প্ৰতিৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি ট্ৰাক । বৃহৎ পৰিমাণৰ চেগুন কাঠ লৈ মিজোৰামৰ পৰা যাত্ৰা কৰিছিল ট্ৰাক দুখনে । এইচ পি ৬২ চি- ৪৬৪৬ আৰু এইচ পি ৩১ চি- ৫২২৬ নম্বৰৰ ট্ৰাক দুখন গৌৰীপুৰ পোৱাৰ লগে লগেই বন বিভাগৰ দলটোৱে জব্দ কৰি নিজৰ জিম্মাত ৰাখে ।

তথ্য অনুসৰি বিহাৰৰ জনৈক ৰাম বিলাস জয়ছোৱাল নামৰ কাঠ ব্যৱসায়ীজনে ধুবুৰীৰ শীল চন টিম্বাৰ নামৰ এটা কাঠফলা মিললৈ যোগান ধৰিছিল এই কাঠখিনি । বৰ্তমান দুই চালকক সোধাপোচা কৰাৰ লগতে নথিপত্ৰ পৰীক্ষা কৰি আছে বন বিভাগে । ট্ৰাক দুখনত কেইবা লক্ষাধিক টকাৰ চেগুন কাঠ থকাৰ ধাৰণা কৰা হৈছে (Large number of timber seized in Dhubri) ।

ইপিনে বিয়লিৰ ভাগত বন বিভাগৰ দলটোৱে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ শৌলমাৰী অঞ্চলত অভিযান চলাই এটা কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠো জব্দ কৰে বন বিভাগৰ দলটোৱে ।

লগতে পঢ়ক : Drugs seized at Naharkatia : নাহৰকটীয়াত নিষিদ্ধ ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.