thumbnail

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:24 AM IST

ETV Bharat / Videos

Landslide at Banderdawa: বান্দৰদেৱাত ভূমিস্খলন; ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ

লখিমপুৰ, ২৭ আগষ্ট: লখিমপুৰৰ বান্দৰদেৱাত ভূমিস্খলন । পাহাৰ খহি পৰাৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত বন্ধ হৈ পৰে । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ সংযোগী প্ৰৱেশ পথৰ সামান্য নিলগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পাহাৰৰ অংশ খহি পৰে । দেওবাৰে নিচেই পুৱাতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পাহাৰটোৰ পৰা বৃহৎ অংশ খহি পথৰ ওপৰত বাগৰি পৰে । উল্লেখ্য যে, নিচেই পুৱাতে যান-বাহনৰ চলাচল সেৰেঙা হৈ থকা সময়ত পাহাৰটো খহি পৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে ।  

যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলতেই অৰুণাচলৰ দিশে থকা পাহাৰৰ মাটি কোমল হোৱাৰ বাবেই এনেদৰে খহি পৰা বুলি ধাৰণা কৰা হৈছে । খহি পৰা পাহাৰৰ ৰঙা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটো পুটি পেলোৱাৰ ফলতেই পথটো বন্ধ হৈ পৰে । উল্লেখ যোগ্য যে, বিগত আঠ বছৰৰ পৰা বান্দৰদেৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা বৃহৎ পাহাৰটোৰ খনন চলাই থকাৰ ফলতেই বৰষুণ দিলেই এইদৰে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে । ইয়াৰ আগতেও এই স্থানত বহুবাৰ পাহাৰ খহি পৰা ঘটনা সংঘটিত হৈ আহিছে । 

লগতে পঢ়ক: Majuli ferry Services suspended: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.