Lakshmi Puja 2023 : দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ বৰতলাত উদযাপন লক্ষ্মী পূজা - লক্ষ্মী পূজাৰ ব্যাপক আয়োজন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:42 PM IST

নলবাৰী, ২৮ অক্টোবৰ : আজি ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী পূজা । ৰাজ্যজুৰি দেখা গৈছে লক্ষ্মী পূজাৰ ব্যপক প্ৰস্তুতি । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো প্ৰান্তে প্ৰান্তে চলিছে লক্ষ্মী পূজাৰ ব্যাপক আয়োজন । নলবাৰীৰ বৰতলাত আজিৰে পৰা (শনিবাৰ) দুদিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰীশ্ৰী লক্ষ্মী পূজা ।

বৰতলা লক্ষ্মী মন্দিৰ প্ৰাংগণত ৮১ তম লক্ষ্মী পূজাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা । বৰতলা লক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰা এই লক্ষ্মী পূজাৰ শোভাযাত্ৰাত গাঁওখনৰ অধিকাংশ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

আই লক্ষ্মীয়ে সকলোকে কৃপা কৰাৰ লগতে সকলোৰে মংগল কামণাৰ্থে দুদিনীয়াকৈ আয়োজন কৰা হয় এই বৰতলাৰ লক্ষ্মী পূজা ।

লগতে পঢ়ক : Lakshmi puja 2023: চিৰাঙত ১২ দিনীয়া লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.