ETV Bharat / state

প্ৰত্যাহ্বানৰ কুঁৱলী ফালি মুগাশিল্পলৈ আশাৰ ৰেঙণি - CULTIVATION OF SILKWORMS

গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত চৰকাৰী মুগা সঁচ পামে ৰাজ্যৰ মুগা কৃষকলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি ৷

Khanapara Muga Seed Development Project
মুগা সঁচ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 8:58 AM IST

গুৱাহাটী : সোণালী সূতাৰ দেশ খ্যাত অসমৰ পাট-মুগা বস্ত্ৰশিল্পই বহন কৰি আহিছে অসমীয়াৰ স্বাভিমান আৰু ঐতিহ্য । অসমৰ বহু গ্ৰামাঞ্চলৰ অধিকাংশ লোকৰে জীৱিকাৰ অন্যতম উৎস হৈছে মুগা পালন ৷ অসমীয়াৰ সাতামপুৰুষীয়া এক পৰম্পৰা তথা পূৰ্বপুৰুষানুক্ৰমে চলি অহা এক পদ্ধতি হ’ল মুগা পালন ।

এই পদ্ধতিৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ অন্যতম পাট-মুগাৰ সূতা, মেখেলা-চাদৰ আদি তৈয়াৰ হৈ আহিছে । মুগা পালনেৰে স্বাৱলম্বী হৈ উঠিছে গ্ৰামাঞ্চলৰ বহু লোক । আমগুৰিৰ বৰাহীবাৰী সঁচ উন্নয়ন প্ৰকল্পত বিভিন্ন অসুবিধাৰ মাজেৰে মুগা পালকসকলে মুগা পালন কৰি থকাৰ লগতে খোৱাপানী, মুগা ৰখা জালিঘৰ, মুগাপালক থকা ঘৰৰ সমস্যাৰ মাজেৰে মুগা পালন কৰি আহিছে ।

বিশ্বজুৰি সমাদৃত অসমৰ মুগা (ETV Bharat Assam)

অভিযোগ অনুসৰি, ৰাজ্যৰ ৰেচম বিভাগে মুগা পালকসকলক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰিলেও মুগা পালকসকলে সাতামপুৰুষীয়া পৰম্পৰা ধৰি ৰাখিছে ৷ সোণালী সূতাৰ দেশ নামেৰে খ্যাত অসমৰ মুগা পালকক আজিও ৰেচম বিভাগে পৰ্যাপ্ত সুবিধা প্ৰদান কৰা নাই বুলি ভিন্ন সময়ত অভিযোগ উঠে । সীমিত সুবিধাৰে মুগাপালকে মুগা পালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজে স্বাৱলম্বী হ’বৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

বিশ্বজুৰি সমাদৃত অসমৰ মুগা । অসমৰ মুগাশিল্পই ইতিমধ্যে ভৌগলিক সূচাংক (GI Tag) লাভ কৰিবলৈ সমৰ্থ হৈছে । অসমৰ ভৌগলিক পৰিৱেশ আৰু অনুকূল জলবায়ুই অসমক সোণালী সুতাৰ দেশ হিচাবে গঢ়ি তুলিছে । গুৱাহাটী মহানগৰীৰৰ প্ৰদূষণৰ মাজতো খানাপাৰাস্থিত চৰকাৰী মুগা সঁচ পামে ৰাজ্যৰ মুগা কৃষকক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক - Muga Farmers Condition

এই বিষয় সন্দৰ্ভত ‘‘Demonstrator cum ic assistant manager’’ সুজিত বৰ্মনে কয়, ‘‘মুগা সঁচ পামখনত এইবেলি কতিয়া বাহত ৫০০ গ্ৰাম মুগা কণী পামৰ নিজা চোমনিত পালন কৰিছে । ইতিমধ্যে পকিবলৈ আৰম্ভ কৰা নিৰোগী পূৰঠ মুগাৰ শ্ৰী-বৃদ্ধি আৰু সক্ৰিয়তাৰ ভিত্তিত অধিক লাভ আশা কৰা হৈছে ।’’

‘‘পামখনে আনুমানিক ২০-২৫ হাজাৰ সঁচুৱা মুগালাট উৎপাদন কৰিবলৈ সক্ষম হ'ব । ইয়াৰ পৰা মুগা কৃষকসকলক কি ধৰণে সহায় কৰিব পৰা যায়, তাৰো চিন্তা চৰ্চা কৰা হৈছে । যোৱা বছৰো ইয়াতে মুগা পালন কৰা হৈছিল যদিও প্ৰদূষণৰ বাবে কৃতাৰ্থ হ'ব নোৱাৰিলো । কিন্তু এইবাৰ আমি সফল হৈছো । পামখনত বছৰত তিনিবাৰ মুগা কৰা হয় ।’’ সুজিত বৰ্মনে কয় ৷

‘‘বৰ্তমান পামখনত কাতিয়া মুগা কৰা হৈছে । নৱেম্বৰ ডিচেম্বত কতিয়া মুগা বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হয় । গৰমৰ দিনত পলু পালনত ২৩-২৫ দিন সময়ৰ প্ৰয়োজন হয় আৰু শীতত ৪৫ দিন সময় লাগে ।" তেওঁ কয় ৷

Khanapara Muga Seed Development Project
বিশ্বজুৰি সমাদৃত অসমৰ মুগা (ETV Bharat Assam)
  • ৰাজ্যত কিমান মুগা খেতিয়ক আছে ?

পৰম্পৰাগত জ্ঞানেৰে সমৃদ্ধ অসমৰ একাংশ কৃষকে মুগা পালন আৰু সুতা বস্ত্ৰ উৎপাদনেৰে গ্ৰাম্য অৰ্থনীতিৰ বহনক্ষম বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে । নাম প্ৰকাশত অনিচ্ছুক বিভাগীয় এক সূত্ৰৰ পৰা জানিব পৰা মতে, লখিমপুৰ, ধেমাজি, শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়ৰ, কোকৰাঝাৰ, বকো, গোৱালপাৰা, কামৰূপকে ধৰি ৰাজ্যত প্ৰায় ৩০ হাজাৰ মুগা খেতিয়ক আছে । বছৰি ৰাজ্যত ২.৮০ মেট্ৰিক টন মুগাৰ প্ৰয়োজন যদিও ১.৭০-১.৮০ মেট্ৰেক টন মুগাহে ৰাজ্যত উৎপাদন হয় ।

  • বৰ্তমান সময়ত মুগা খেতিয়কসকল কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ?

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, বৰ্তমান সময়ত মুগা খেতিয়কসকলৰ মূল প্ৰত্যাহ্বান হৈছে গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন ৷ তাৰোপৰি কীটনাশকৰ প্ৰয়োগেও অসমৰ মুগা শিল্পলৈ কঢ়িয়াই আনিছে অশনি সংকেত ।

মুগা পলুবোৰে প্ৰদূষণৰ লগতে কীটনাশকৰ গোন্ধ পালে মৰি যায় । বিশেষকৈ উজনি অসমত চাহ বাগানবোৰত কীটনাশক ব্যৱহাৰৰ কৰাৰ ফলত মুগা পলুৰ উৎপাদন কমি গৈছে । এই ক্ষেত্ৰত চৰকাৰে মুগা খেতিয়কসকলৰ বাবে পদক্ষেপ গ্ৰহণ নকৰিলে আৰু সমস্যাৰ সন্মুখীন হ'ব কৃষকসকল ।

অসমতহে অকল মুগা পোৱা যায় । এই মুগাৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে কৃষকসকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন আঁচনিৰ লগতে গৱেষণা কৰাৰ প্ৰয়োজন আছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ লোৱা দৃষ্টি গোচৰ হোৱা নাই । সেইবাবে যি ধৰণে ৰাজ্যত মুগা উৎপাদন হ'ব লাগিছিল, সেইদৰে উৎপাদন বৃদ্ধি হোৱা নাই ।

  • মুগা কৃষকসকলে ক’ৰ পৰা মুগা সঁচ লয় :

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, "কৃষকসকলে কেন্দ্ৰীয় ৰেচন বোৰ্ডৰ পৰা মুগা সঁচৰ বাবে কণী ক্ৰয় কৰিব পাৰে । কেন্দ্ৰীয় ৰেচন ব’ৰ্ডৰ পৰা প্ৰতি কেজি কণী ১৪ হাজাৰ টকাকৈ কৃষকে ক্ৰয় কৰিব লাগে । তদুপৰি বকো, হাহিমকে ধৰি অসম-মেঘালয় সীমান্ত গাৰো পাহাৰত বহু কৃষকে কণী উৎপাদন কৰি সঁচৰ বাবে বিক্ৰী কৰে । তেওঁলোকে দামটো নিজে নিৰ্ধাৰণ কৰে । অসম-মেঘালয় সীমান্তৰ গাৰো পাহাৰৰ দাঁতিত প্ৰদূষণৰ মাত্ৰা কম বাবে মুগাৰ সঁচ ভাল হয় ।’’

লগতে পঢ়ক : সোণালী সূতাৰ দেশত কমিছে পাট-মুগা সূতাৰ উৎপাদন - Cultivation of silkworms

লগতে পঢ়ক : সোণালী সূতাৰ প্ৰতি ভাবুকি মাতিছে সেউজী পাতৰ বাগিচাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.