ETV Bharat / bharat

আগৰতলা ৰে’ল ষ্টেচনত আটক বাংলাদেশী মহিলা; দিল্লীত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান - BANGLADESHI WOMEN DETAINED

অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ তৎপৰ দিল্লী আৰক্ষী ৷ ইফালে আগৰতলা ৰে’ল ষ্টেচনত আটক দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ লোৱা দুগৰাকী বাংলাদেশী মহিলা ৷

Two Bangladeshi women detained at Agartala railway station
আগৰতলা ৰে’ল ষ্টেচনত আটক দুই বাংলাদেশী মহিলা (ANI)
author img

By ANI

Published : 14 hours ago

আগৰতলা : সোমবাৰে ত্ৰিপুৰাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰা হয় ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা দুগৰাকী বাংলাদেশী মহিলাক ৷ সংবাদ সংস্থা ANI ৰ আগত এই কথা সদৰী কৰে আগৰতলা চৰকাৰী ৰে’ল আৰক্ষীৰ (Government Railway Police চমুকৈ GRP) ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷

বিভাগীয় এগৰাকী বিষয়াই উল্লেখ কৰা মতে, GRP, ৰে’লৱে সুৰক্ষা বাহিনী (Railway Protection Force চমুকৈ RPF), সীমান্ত সুৰক্ষা বাহিনী (Border Security Force চমুকৈ BSF) আৰু চোৰাংচোৱা বিভাগে যৌথভাৱে এই অভিযান চলায় ৷ এই অভিযান কালত সোমবাৰে বিয়লি বাংলাদেশৰ শ্বৰীয়তপুৰ জিলাৰ বাসিন্দা নিলুফা বেগম (৩৪) আৰু জিয়াছমিন (৩০) নামৰ দুগৰাকীক আটক কৰা হয় ।

Two Bangladeshi women detained at Agartala railway station
আটক দুই বাংলাদেশী মহিলা (ANI)

আৰক্ষীয়ে জনোৱা মতে, ধৃত দুই মহিলাই আন এখন ৰাজ্যলৈ যোৱাৰ উদ্দেশ্যে ৰে’ল ষ্টেচনত উপস্থিত হৈছিল ৷ প্ৰাৰম্ভিক তদন্তত তেওঁলোকৰ গন্তব্যস্থান ৰাজধানী চহৰ দিল্লী বুলি আৰক্ষীৰ আগত উল্লেখ কৰে । শেহতীয়াকৈ লাভ কৰা তথ্য মতে, মহিলা বিষয়াৰ সহযোগত আগৰতলা GRP থানাত তেওঁলোকক ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে ৷

তেওঁলোকৰ সৈতে আৰু কোনো ব্যক্তি জড়িত হৈ থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এই গোচৰৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে উল্লেখ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আগৰতলা GRP থানাত এটা গোচৰ ৰুজু কৰা হৈছে । মঙলবাৰে ধৃত দুয়োকে আদালতত হাজিৰ কৰা হ’ব ।

লগতে পঢ়ক : অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বাংলাদেশীক কেৰালাত গ্ৰেপ্তাৰ

দিল্লী : আনহাতে, অবৈধ অনুপ্ৰৱেশৰ চক্ৰ উৎখাত কৰাৰ বাবে তৎপৰ হৈছে দিল্লী আৰক্ষী ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশৰ এক বৃহৎ চক্ৰ উৎখাত কৰিছে ৷ এই অভিযানকালত ভুৱা আধাৰ, ভুৱা ৱেবছাইট তৈয়াৰ কৰাত জড়িত কাৰিকৰী বিশেষজ্ঞকে (technician) ধৰি মুঠ ১১ জন ব্যক্তিক আটক কৰে ৷

আৰক্ষী উপ-আয়ুক্ত অংকিত চৌহানে জনোৱা মতে, অভিযুক্তই এটা ভুৱা ৱেবছাইটৰ জৰিয়তে ভুৱা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু অন্যান্য নথি-পত্ৰ প্ৰস্তুত কৰি বাংলাদেশী নাগৰিকক সুবিধা প্ৰদান কৰি আহিছিল ।

ANI ৰ সৈতে হোৱা বাৰ্তালাপত চৌহানে কয় যে অবৈধ অনুপ্ৰৱেশকাৰীসকলে ভাৰতত প্ৰৱেশ কৰিবলৈ জংঘল পথ আৰু এক্সপ্ৰেছ ৰে’ল ব্যৱহাৰ কৰিছিল । এতিয়ালৈকে ভুৱা ৱেবছাইটৰ জৰিয়তে বাংলাদেশী নাগৰিকক ভুৱা পৰিচয়পত্ৰ ব্যৱহাৰ কৰি সুবিধা প্ৰদান কৰা ১১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ কয় ।

ইতিমধ্যে দিল্লীৰ উপ-ৰাজ্যপালগৰাকীয়ে দুমাহৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীত বাস কৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে । দিল্লী আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, সমগ্ৰ চহৰখনতে এতিয়ালৈকে ১০০০ৰো অধিক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা হৈছে ।

আৰক্ষীৰ এই অভিযানত ঘৰে ঘৰে পৰীক্ষণ, নথি-পত্ৰৰ তদন্ত আৰু জেৰা আদিও জড়িত হৈ আছে । এই অভিযান চলাবলৈ স্থানীয় আৰক্ষীৰ লগতে বিদেশী কোষৰ (foreign cells) বিশেষ দল নিয়োগ কৰা হৈছিল । (ANI)

লগতে পঢ়ক : হাছিনাক ঘৰলৈ উভতাই পঠাওক: ভাৰতক অনুৰোধ বাংলাদেশৰ

লগতে পঢ়ক : ফুটব্ৰীজত পহৰা দিয়াৰ সময়তে জোৱানৰ ওপৰত নক্সালবাদীৰ গুলীবৰ্ষণ; আহত CRPFৰ কোব্ৰা কমাণ্ডো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.