সুকমা (ছত্তীশগড়) : সুকমা জিলাৰ দুৰ্গম অৰণ্যৰ চিন্তালনাৰ থানা এলেকাৰ অন্তৰ্গত গোমগুডাত দেওবাৰে চি আৰ পি এফৰ এটা বেচ কেম্প স্থাপন কৰা হয় । সোমবাৰে এই বেছ কেম্পত নক্সাল আৰু চি আৰ পি এফ জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।
- ফুটব্ৰীজ সুৰক্ষাৰ সময়ত এনকাউণ্টাৰ হয় :
মাওবাদীৰ সৈতে মোকাবিলা কৰিবলৈ চি আৰ পি এফে ঘন আৰু দুৰ্গম বনাঞ্চলত নিৰন্তৰভাৱে এফ অ’ বি (Forward Operating Base চমুকৈ FOB) স্থাপন কৰি আছে । গোমাগুদাত অৰ্ধসামৰিক বাহিনীৰ ২৪১ নং বেটেলিয়নৰ এটা FOB আছে । এই বেচ কেম্পলৈ যাবলৈ এখন ফুটব্ৰীজ নিৰ্মাণ কৰা হয় ।
অৰ্ধসামৰিক বাহিনীৰ ২৪১ নং বেটেলিয়নৰ অন্তৰ্গত এই ফুটব্ৰীজ চিন্তালনাৰ থানা এলেকাত অৱস্থিত । উক্ত স্থানত পহৰা দি থকাৰ সময়তে আৰক্ষী জোৱানৰ ওপৰত নক্সালবাদীয়ে গুলীচালনা কৰিবলৈ ধৰে । যাৰ প্ৰত্যুত্তৰ জোৱানসকলেও দিয়ে ৷ এই এনকাউণ্টাৰত দুজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ।
- চি আৰ পি এফৰ দুজন জোৱান আহত :
বিভাগীয় এগৰাকী বিষয়াই জনোৱা মতে, বাহিনীটোৰ বিশেষ জংঘল যুদ্ধ ইউনিট - কোব্ৰা - ২০৬ নং বেটেলিয়নৰ দুজন কমাণ্ডো নক্সালবাদীৰ সৈতে হোৱা গুলীচালনাত আহত হয় । তাৰ পাচতে তেওঁলোকক তৎকালীলভাৱে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয় ।
চিকিৎসকে কোৱা মতে, আহত জোৱানসকলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । মাওবাদীৰ সৈতে মোকাবিলা কৰিবলৈ চি আৰ পি এফে ঘন আৰু দুৰ্গম বনাঞ্চলত ধাৰাবাহিকভাৱে খোজকাঢ়ি গৈ এই দলং স্থাপন কৰি আহিছে । বিগত দুবছৰত ছত্তীশগড়ত ৪০তকৈও অধিক ফুট ব্ৰীজ নিৰ্মাণ কৰা হৈছে । বিভাগীয় বিষয়াগৰাকীয়ে কয় ৷ (এজেন্সীৰ সহায় লৈ)