Lakshmi Puja 2023: লক্ষ্মী বন্দনাৰে মুখৰিত টীয়কৰ কাৱৈমাৰী গোহাঁই গাঁও - Lakshmi Puja Celebration in Jorhat
🎬 Watch Now: Feature Video


Published : Oct 28, 2023, 7:14 PM IST
টীয়ক,28 অক্টোবৰ : আজি ধন-সম্পত্তিৰ আৰাধ্যা দেৱী লক্ষ্মী পূজা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টীয়কতো ধৰ্মীয় ৰীতি-নীতিৰে ৰাইজে পালন কৰা হৈছে লক্ষ্মী পূজা ৷ টীয়কৰ 2 নং কাৱৈমাৰী গোহাঁই গাঁৱৰ পুৰুষ-মহিলা আবালবৃদ্ধবনিতাই একত্ৰিত হৈ গাঁৱৰ হৰিমন্দিৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰিছে লক্ষ্মী পূজা ৷ বিগত বৰ্ষৰ দৰে এইবাৰো কাৱৈমাৰী গোহাঁই গাঁওবাসীয়ে লক্ষ্মী পূজা পালন কৰিছে ৷
নিজ নিজ গৃহৰ গুৰুঘৰ চাফ চিকুণ কৰি পথাৰত বন্তি জ্বলাই মা লক্ষ্মীক সেৱা জনাইছে ৷ পৰিয়াল, সমাজ তথা দেশৰ সকলোৰে মংগল কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই গাঁওবাসীয়ে ৷
ইপিনে আধ্যাত্মিক ৰীতি-নীতিৰে নিজ নিজ ঘৰৰ মাংগলিক কৰ্ম সামৰি সন্ধিয়া গাঁৱৰ ৰাইজে মিলি হৰিমন্দিৰত গোট খাই ধূপ-ধুণা,শৰাই-নৈবেদ্য আগবঢ়াই মা লক্ষ্মীৰ নাম চৰ্চা কৰাৰ লগে প্ৰাৰ্থনা জনায় ৷