Lower Subansiri Hydroelectric Power Project: বিধায়ক মানৱ ডেকাক উভতি ধৰিলে কৃষক মুক্তিয়ে - বিধায়ক মানৱ ডেকা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:18 AM IST

গুৱাহাটী, 31 অক্টোবৰ : সোৱণশিৰি নৈ শুকোৱা আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত মন্তব্য দি বিতৰ্কত সোমাই পৰা লখিমপুৰৰ বিজেপিৰ বিধায়ক মানৱ ডেকাক উভতি ধৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । উল্লেখ্য যে, লখিমপুৰৰ বিজেপিৰ বিধায়ক মানৱ ডেকাই কিছুদিন আগতে সংবাদ মাধ্যমৰ আগত কৈছিল -"সোৱণশিৰি নৈ এইবাৰে শুকোৱা নাই ৷ ইয়াৰ পূৰ্বেও সোৱণশিৰি নৈৰ জলপৃষ্ঠ হ্ৰাস পাইছিল, নৈ শুকাইছিল ৷" 

সোৱণশিৰি নৈ শুকোৱাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ৷ মানৱ ডেকাই কয়, "প্ৰাকৃতিকভাৱে পানী শুকাইছে সোৱণশিৰি নৈৰ ৷ খৰালি আহিলে সোৱণশিৰি নৈ শুকায়েই ৷ এয়া নতুন কথা নহয় ৷ প্ৰতিবাৰে নৈখনৰ পানী শুকাই ৷ যিটো আমি সৰুৰ পৰা দেখি আহিছো ।"

কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মানৱ ডেকাক স্বয়ম্ভু নদী বিজ্ঞানী বুলি কটাক্ষ কৰি মানৱ ডেকাৰ মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে । কি ক’লে বিদ্যুৎ শইকীয়াই শুনক-

লগতে পঢ়ক : NHPC Big Dam Impact : বৃহৎ নদীবান্ধৰ বিভীষিকাৰ প্ৰসংগত 1950ৰ কথা সুঁৱৰিলে জ্যেষ্ঠ সাংবাদিকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.