শিলাবৃষ্টি: কাৰোবাৰ বাবে যদি আমেজ কাৰোবাৰ বাবে বৰবিহ! - ৰবি শস্য অনিষ্ট কৰিলে শিলাবৃষ্টিয়ে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 1:06 PM IST

ডিব্ৰুগড়, 14 ডিচেম্বৰ : শীত বুলিলেই সততে সকলোৰে মনলৈ ভাহি অহা ছবিখন কিন্তু প্ৰকৃত সত্য নহয় ৷ শীত কাৰোবাৰ বাবে যদি পৰিয়ালৰ সৈতে কটোৱা উমাল মুহূৰ্ত, আন কাৰোবাৰ বাবে কিন্তু চকু পানীৰ বাট ৷ শীতৰ কালছোৱাত প্ৰকৃতিৰ ৰূপত আপুনি ভোলো যাব পাৰে নতুবা প্ৰকৃতিয়ে দি যাব চকুলো টোকাৰ বহু কাৰণ ৷ শেহতীয়াকৈ তেনে এক দৃশ্যই দেখিবলৈ পোৱা গ’ল ডিব্ৰুগড়ত ৷ ডিব্ৰুগড়ত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ ডিব্ৰুগড়ৰ খোৱাঙত বহু কৃষকৰ শ শ বিঘা ৰবি শস্য অনিষ্ট কৰিলে শিলাবৃষ্টিয়ে ৷

ডিব্ৰুগড়ৰ খোৱাঙত কালি আবেলি অহা এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে তচনচ কৰিলে বহু কৃষকৰ ৰবি শস্য। খোৱাং কাৱৈমাৰী, চেনীমাৰী, ৰঙালাও বজাৰ, বেতনি গৰৈমাৰীকে ধৰি প্ৰায় ২০ খনৰো অধিক গাঁৱৰ কৃষকৰ কবি, বেঙেনা, আলু, সৰিয়হকে ধৰি বহু ৰবি শস্য অনিষ্ট কৰিলে শিলাবৃষ্টিয়ে  । আনহাতে পথাৰতে বহু কৃষকৰ ধান থাকি যোৱাত সকলো নষ্ট হৈ পৰে। এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁওকেইখনত।

মৰাণ আৰু টিংখাং সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চলৰ ৰাইজে যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰিয়াল পোহপাল দি আছে, তেনেস্থলত এই প্ৰৱল শিলাবৃষ্টি এক প্ৰকাৰে মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছে কৃষক ৰাইজৰ বাবে। উল্লেখ্য যে, বুধবাৰে বিয়লি হঠাৎ অহা এজাক প্ৰৱল শিলাবৃষ্টিয়ে ডিব্ৰুগড়ৰ খোৱাঙত অভাৱনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বিয়লি অহা এই শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে বহু কৃষকৰ শ শ বিঘা ৰবি শস্য অনিষ্ট হয়। বহু পৰিয়ালৰ ঘৰৰ টিনপাত শিলে ফুটুৱাই পেলোৱাত ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : আমগুৰিত প্ৰচণ্ড শিলাবৃষ্টি, গৃহহীন অৰ্ধ-শতাধিক পৰিয়াল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.