প্ৰতিভা বিকাশৰ সুন্দৰ মঞ্চ: খেল মহাৰণ - জোনাইত খেল মহাৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-12-2023/640-480-20174403-thumbnail-16x9-khel-maharon.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 3, 2023, 4:44 PM IST
জোনাই, ৩ নৱেম্বৰ : জোনাইৰ চিমেন চাপৰিত জোনাই বিধানসভা সমষ্টি ভিত্তিত দেওবাৰৰ পৰা আৰম্ভ হয় খেল মহাৰণ । চিমেন চাপৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেল মহাৰণ ৷ ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে শুভ উদ্বোধন কৰে অনুষ্ঠানটোৰ ৷ উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক ভূৱন পেগুৱে ৷
ৰাজ্যৰ ক্ৰীড়া খণ্ডত নৱজাগৰণৰ সূচনাৰে অব্যাহত থকা খেল মহাৰণৰ জোনাই সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই ৷ অনুষ্ঠানত কণ্ঠশিল্পী ভৃগু কাশ্যপৰ গীতৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে জীপাল হৈ পৰে খেল মহাৰণস্থলী ৷ উল্লেখ্য যে, চিমেন চাপৰি মিনি ষ্টেডিয়াম, সতীশ বসুমতাৰী বড়ো হাইস্কুল, চিমেন চাপৰি মহাবিদ্যালয়ৰ খেলপথাৰত ১০ ডিচেম্বৰলৈ আয়োজন কৰা খেল মহাৰণত জোনাই বিধানসভা সমষ্টিৰ ৩২ খন গাঁও পঞ্চায়ত আৰু চিলাপথাৰ নগৰ সমিতিৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । দেওবাৰৰ অনুষ্ঠানটিত জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈ সমন্বিতে জিলা প্ৰশাসনৰ বিষয়ববীয়া, চিচিবৰগাঁও আৰু মুৰ্কংচেলেকৰ খণ্ড উন্নয়ন বিষয়া আৰু ধেমাজি জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক : ধেমাজিত সমষ্টি ভিত্তিক খেল মহাৰণ আৰম্ভ, উদ্বোধন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু