thumbnail

By

Published : Apr 13, 2023, 10:55 PM IST

ETV Bharat / Videos

Ketaki flower blooming : কেতেকীৰ সুবাসত আমোলমোল বিহপুৰীয়াৰ বদতি জামুগুৰি

বিহপুৰীয়া, 13 এপ্ৰিল : আজি ব’হাগৰ উৰুকা (Bohag Bihu Uruka 2023) ৷ কাইলৈ গৰু বিহুৰ বাবে সাজু হৈছে বিহু বলিয়া অসমীয়া (Garu bihu 2023) ৷ প্ৰকৃতিও ন-ৰূপত ঠন ধৰি উঠিছে । গছে-বনে, পাতে-ফুলে সকলোতে এতিয়া ব’হাগৰ বা লাগিছে ৷

ৰঙালী বিহু এই ক্ষণত বদতি জামুগুৰিৰ নাৰায়ণ বৰাৰ ঘৰত পাহে পাহে ফুলিছে কেতেকী ফুল (Ketaki flower blooming at Bihpuria)৷ কেতেকী ফুলৰ সুবাসে চৌপাশ আমোলমোলাইছে ৷ কেতেকী ফুলে মতলীয়া কৰিছে সকলোৰে মন ৷ এই কেতেকীৰ সুৱাস ল’বলৈ এতিয়া বহু লোকৰ আগমন ঘটিছে নাৰায়ণ বৰাৰ ঘৰলৈ ।

কেতেকী নামটোৱেই যেন এক কোমল অনুভৱ দিয়ে ৷ সৰুতে আইতাৰ সাধুকথাটো স্থান পাইছিল এই কেতেকী ফুলৰ কথাই ৷ প্ৰবাদ অনুসৰি, কেতেকী চৰায়ে মাতিলেহে বোলে কেতেকী ফুল ফুলে ৷ তাৰ পাচতে চাৰিওফালে বিয়পাই দিয়ে কেতেকীৰ বুকুৰ সাঁচতীয়া সুবাস ৷ এয়াই কেতেকী ফুলৰ মাদকতা ৷

লগতে পঢ়ক : Rangali Bihu 2023 : ব’হাগৰ প্ৰাক ক্ষণত খোঙাৱৰ বতাহত বিয়পিছে কেতেকীৰ ৰেণু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.