Distribution of Ayushman Card in Kaliabor: কলিয়াবৰত স্বাস্থ্য মন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড বিতৰণ - National Food Security Act

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 16, 2023, 4:51 PM IST

কলিয়াবৰ,১৬ জুন: কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য‍্যালয় চৌহদত নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনা আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰত অনুষ্ঠিত কৰা হয় আয়ুষ্মান কাৰ্ড বিতৰণ অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ‍্যৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্ত ।  

অসম চৰকাৰৰ নিৰ্দেশানুক্ৰমে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)ৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্ত কলিয়াবৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় আয়ুষ্মান কাৰ্ড । অনুষ্ঠানত স্বাস্থ‍্য মন্ত্ৰীগৰাকীয়ে ৰাজ‍্যৰ চিকিৎসা খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে ব‍্যখ‍্যা কৰে । ৰাজ‍্যত 'সকলোৰে বাবে স্বাস্থ‍্য' অভিযানৰ অংশৰূপে ৰাজ‍্যৰ ৬০ লাখ পৰিয়ালক আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদানৰ লক্ষ‍্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে ।  

প্ৰায় আঢ়ৈ কোটি লোকে এই কাৰ্ডৰ সুবিধা ল'ব পাৰিব, য'ত এটা পৰিয়ালে পাঁচ লাখ টকাৰ চিকিৎস‍্যা সাহায‍্য লাভ কৰিব । লগতে ৰাজ‍্যত অসমত সৰ্বমুঠ ১৭ খন কেঞ্চাৰ ইনষ্টিটিউটৰ পৰিকল্পনা হাতত লৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, ৰাজ‍্যত আঠখন কেঞ্চাৰ ইনষ্টিটিউটে সেৱা আগবঢ়াই থকাৰ লগতে ৯ খন নিৰ্মীয়মাণ অৱস্থাত আছে । 

লগতে পঢ়ক: Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.