thumbnail

Karbi Youth Festival 2023: ৰংমংৱেত আৰম্ভ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:01 PM IST

কলিয়াবৰ, ২৪ অক্টোবৰ: ৰংমংৱেত আৰম্ভ হৈছে ৩১ সংখ‍্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ । এই মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱত লংচিং ক্ৰ'ই অচ'পাদক লুন (নিচুকনী গীত) বিহু গীত কাৰ্বি ভাষালৈ তৰ্জমা কৰি গালে লংচিং ক্ৰ'ই । যুৱ মহোৎসৱত প্ৰদৰ্শিত হ'ল আকৰ্ষণীয় দৌৰ কেং ডং ডাং । কাৰ্বি যুৱক-যুৱতীৰ প্ৰতিভা বিকাশৰ মঞ্চ এই যুৱ মহোৎসৱ কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া ৰংমংৱেত আৰম্ভ হৈছে ।

উল্লেখ্য় যে কাৰ্বি যুৱ মহোৎসৱত ৰংমংৱে মণ্ডলৰ ১২ টা গোটে অংশগ্ৰহণ কৰিছে । এই যুৱ মহোৎসৱত সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা । কাৰ্বি সামাজিক-সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস মাণ্ডলিক কাৰ্বি সাংস্কৃতিক যুৱ মহোৎসৱত । কাৰ্বি যুৱক-যুৱতীসকলৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কাৰ্বি সাংস্কৃতিক সমিতিয়ে যোৱা ত্ৰিশ বছৰে কাৰ্বি যুৱ মহোৎসৱ আয়োজন কৰি আহিছে ।

লগতে পঢ়ক:Duliajan Oil Well Gas Leak: দুলীয়াজানৰ ভয়ংকৰ গেছ নিৰ্গমণ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তক আটক  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.