Illicit Arunachali Liquor seized in Assam: কাৰ্বি আংলং আৰক্ষীৰ জালত অৰুণাচলী সুৰা ব্য়ৱসায়ী

By

Published : Feb 13, 2023, 9:01 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডিফু, ১৩ ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ মাজতে অবাধে চলি আছে নিচাজাতীয় সামগ্ৰীৰ লগতে অবৈধ বাৰ্মিজ চুপাৰি আৰু অসমত অবৈধভাৱে বিক্ৰিৰ বাবে অনা অৰুণাচলী সুৰাৰ বেহা । এনে নিচাজাতীয় দ্ৰব্য়ৰ লগতে অবৈধভাৱে বাৰ্মিজ চুপাৰি আৰু অৰুণাচলী সুৰা সৰবৰাহৰ সৈতে জড়িত চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই গৈছে অভিযান (Smuggling of Burmese Supari in Assam) ৷ এনেবোৰ অসাধু চক্ৰই নিতৌ ন ন কৌশল অৱলম্বন কৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য়ৰ লগতে অসমৰ বিভিন্ন জিলাৰ মাজেৰে বাৰ্মিজ চুপাৰি আৰু অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ কৰি আহিছে (Illegal smuggling of Arunachali liquor) । অৱশ্যে আৰক্ষীয়ে অসাধু চক্ৰটোৱে চলাই যোৱা এই নিচাজাতীয় দ্ৰব্য় আৰু  অবৈধ ব্যৱসায় তথা সৰবৰাহ বন্ধ কৰাৰ লগতে চক্ৰটো উৎখাত কৰিবলৈ অভিযান তীব্ৰতৰ কৰিছে ৷ 

এনে অভিযানৰ মাজতে শেহতীয়াকৈ আৰক্ষীয়ে কাৰ্বি আংলঙত পৃথকে পৃথকে জব্দ কৰিলে বহৎ পৰিমানৰ অবৈধভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি আৰু অৰুণাচলী সুৰা ৷ বাৰ্মিজ চুপাৰি আৰু অৰুণাচলী সুৰাখিনিৰ লগতে কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে অবৈধভাৱে সুৰা ব্য়ৱসায়ত জড়িত অজয় কুমাৰ মহাৰাজ নামৰ এটা অপৰাধী । কাৰ্বি আংলং আৰক্ষীয়ে অৰুণাচলৰ নাহৰলগুনৰ পৰা গ্ৰেপ্তাৰ কৰে অজয় কুমাৰ মহাৰাজক (Arunachali Liquor smuggler arrested)। 

অবৈধভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি আৰু অৰুণাচলী সুৰাখিনিৰ জব্দ কৰা সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকণ নাথে দেওবাৰে এক সংবাদমেল সম্বোধন কৰে । অতিৰিক্ত আৰক্ষী অধীক্ষক কংকণ নাথে এই সন্দৰ্ভত কয় যে, অৰুণাচলৰ নাহৰলগুনৰ পৰাই অবৈধভাৱে সুৰাৰ সৰবৰাহ কৰি অবৈধ বজাৰখন চলাই আহিছিল অজয় কুমাৰ মহাৰাজাই । তেওঁ পুনৰ কয় যে যোৱা ২৯ জানুৱাৰীত বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হৈছিল ১০০০ কাৰ্টন অৰুণাচলী সুৰা । তাৰ পিছতে বোকাজান আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ অন্তত অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰে সুৰা মাফিয়া অজয় কুমাৰ মহাৰাজাক । অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহৰ লগত এটা বৃহৎ ছিণ্ডিকেট চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

আনহাতে, শণিবাৰেও লাহৰিজান আৰু বৰলাংফাৰত দুখনকৈ চুপাৰিভৰ্তি গাড়ী জব্দ কৰিছিল বোকাজান আৰক্ষীয়ে । লাহৰিজানত এখন ট্ৰাকৰ পৰা ৩০০ বেগ বাৰ্মিজ চুপাৰি আৰু বৰলাংফাত ২৬ বেগ বাৰ্মিজ চুপাৰি জব্দ কৰা বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষক কংকণ নাথে । চুপাৰি সৰবৰাহৰ লগত জড়িত ৬ অভিযুক্তকো গ্ৰেপ্তাৰ কৰা বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:ATMs Looted in Tamil Nadu: একেদিনাই ৪ টা এটিএমৰ পৰা ৭৫ লাখ টকা লুট; এটিএম জ্বলালে চোৰে

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.