Karam Festival 2023: নাহৰকটীয়াত দুদিনীয়াকৈ সপ্তদশ বাৰ্ষিক কৰম সন্মিলন

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:46 AM IST

thumbnail

ডিব্ৰুগড়, 1 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাহ বাগিচাত 30 ছেপ্টেম্বৰৰে পৰা সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশৰ । কিয়নো নাহৰকটীয়াত শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল সপ্তদশ বাৰ্ষিক কৰম সন্মিলনৰ । ভাদ মাহৰ শুক্লা একাদশী তিথিত চাহ জনগোষ্ঠীয় ৰাইজে উদযাপন কৰে কৃষি ভিত্তিক কৰম পূজা ৷ এই কৰম পূজা আৰু উৎসৱৰ সৈতে সংগতি ৰাখি অসম চাহ জনজাতি ছাত্ৰ সন্থা নাহৰকটীয়া শাখাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত নাহৰকটীয়া চাহ বাগিচাৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে সপ্তদশ বাৰ্ষিক কৰম সন্মিলন । 

প্ৰথম দিনাৰ কাৰ্যসূচীত কৰম সন্মিলনৰ পতাকা উত্তোলন কাৰ্যসূচীত আটছাৰ পতাকা উত্তোলন কৰে আটছাৰ নাহৰকটীয়া শাখাৰ সভাপতি বচন গোৱালাই । আনহাতে অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে সাংস্কৃতিক পতাকা উত্তোলন আৰু আটছাৰ নাহৰকটীয়া শাখাৰ সম্পাদকে শ্বহীদ তৰ্পণ কৰে । নাহৰকটীয়া চাহ বাগিচাৰ প্ৰধান পৰিচালক প্ৰদীপ হাজৰিকাই মঞ্চ মুকলি কৰাৰ পিছতে অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা, একক সংগীত প্ৰতিযোগিতা, দলীয় নৃত্য প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ ।

ইয়াৰ পিচতে সন্ধিয়া শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন, কৰম বেদীত কৰমডাল স্থাপন, কৰম পূজা অনুষ্ঠিত হয় ।

লগতে পঢ়ক: Artificial Flood in Guwahati: নাৰেংগী, নুনমাটি, ভিআইপি পথৰ ওপৰত একাঠু পানী, কৃত্ৰিম বানৰ কবল মহানগৰবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.