Karam Puja celebration:কলাক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কৰম উৎসৱ - আটছাৰ কামৰূপ জিলা সমিতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:46 PM IST

গুৱাহাটী,২৫ ছেপ্টেম্বৰ : সোমবাৰে চাহ জনগোষ্ঠীয় লোকসকলৰ পৱিত্ৰ উৎসৱ কৰম পূজা ৰাজ্যজুৰি পালন কৰা হৈছে ৷ চাহ জনজাতি লোকসকলৰ মাজত সীমাহীন উছাহ দেখিবলৈ পোৱা গৈছে ৷

চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম চাহ জনজাতি মহিলা সমিতি, আটছাৰ কামৰূপ জিলা সমিতি, ডিমৰীয়া শাখা সমিতি আৰু গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় কেন্দ্ৰীয় কৰম উৎসৱ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত আয়োজিত অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পিচত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । 

বিয়লিৰ ভাগত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়াৰ ভাগত অনুষ্ঠিত কৰা হয় বিভিন্ন নৃত্য গীতৰ অনুষ্ঠান । উল্লেখ্য যে, পোন প্ৰথম বাৰৰ বাবে চাহ জনজাতিৰ পৱিত্ৰ উৎসৱ কৰম উৎসৱৰ বাবে চৰকাৰী বন্ধ দিয়াত উৎফুল্লিত হয় পৰে জনজাতিটোৰ লোকসকল ।

লগতে পঢ়ক : Karam Puja in Assam:মৰিয়নিৰ চেনিজান চাহ বাগিচাত কৰম পূজাৰ আনন্দত মতলীয়া ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.