Kamalakhya on CM: ৰাইজৰ টকা খৰছ কৰি অভিলেখ বনোৱাত ব্যস্ত মুখ্যমন্ত্ৰী: কমলাক্ষ দে' পুৰকায়স্থ
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 20 এপ্ৰিল: এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উথ্থাপন কৰি তেওঁ কয় যে, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যবাসী, কিন্ত মুখ্যমন্ত্ৰী ব্যস্ত ৰাইজৰ টকা খৰছ কৰি অভিলেখ বনোৱাত (Kamalakhya Dey Purkayastha Slams Assam CM) ৷
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিৰোধীৰ কথা নুশুনে, তেওঁলোকৰ সংখ্যা বেছি গতিকে যিকোনো বিল সহজেই পাছ কৰে ৷ বিধানসভাত বিৰোধীয়ে প্ৰতিবাদ কৰাৰ পিচতো কোনো কাম নহয় ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই বুধবাৰে সাংবাদিকৰ আগত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি এনেদৰে কয় (Kamalakhya Dey Purkayastha MLA) ৷
তেওঁ আৰু কয় যে, কোটি কোটি টকা খৰছ কৰি নমামি বৰাক অথবা তেনেধৰণৰ অনুষ্ঠান পতাৰ কোনো যুক্তি নাই ৷ প্ৰায়ে দেখা যায় যে এনে মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ বাবেও বাজেটত কোটি কোটি টকা ৰখা হয় ৷ বিধায়কগৰাকীয়ে লগতে কয় যে কাৰ ধনেৰে আয়োজন কৰা হয় এনে ধৰণৰ অনুষ্ঠান, নিশ্চয়কৈ জনসাধাৰণৰ কৰৰ টকাৰেই আয়োজন কৰা হয় এনেধৰণৰ অনুষ্ঠান ৷ ৰাইজৰ ধন শৰাধ কৰি এনেধৰণৰ অনুষ্ঠান পতাৰ যুক্তি ক'ত বুলিও প্ৰশ্ন কৰে বিধায়কজনে ৷
লগতে পঢ়ক: Heroine seized : কোটি টকাৰ হেৰʼইনসহ আৰক্ষীৰ জিম্মাত দুই সৰবৰাহকাৰী