Cattle smuggling:গৰুচুৰি চক্ৰৰে আৰক্ষীৰ যোগসূত্ৰৰ সন্দেহ ৰাইজৰ - গৰুচুৰি
🎬 Watch Now: Feature Video


Published : Nov 15, 2023, 1:52 PM IST
কলিয়াবৰ, 15 নৱেম্বৰ : গৰুচুৰি কাৰ্যই অতিষ্ঠ কৰিছে ৰাইজক ৷ বহুদিন ধৰি আৰক্ষীৰ ভৰসাত থকা ৰাইজে অৱশেষত ফেপেৰি পাতি ধৰিলে আৰক্ষীক ৷ কলিয়াবৰৰ উলুৱনী গাঁৱৰ ৰাইজৰ সন্দেহৰ আঙুলি উলুৱনী আৰক্ষীলৈ ৷ মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ব্যৱধানত থাকিও গৰু চোৰৰ গাড়ী ধৰিব নোৱাৰা অভিযোগ উত্থাপন কৰি ৰাইজে বহু সময় আৱদ্ধ কৰি ৰাখে উলুৱনী আৰক্ষী নিৱেশৰ নৈশ টহলদাৰী আৰক্ষীৰ গাড়ী ।
পুৱতি নিশা উলুৱনীৰ দিলীপ কাকতিৰ ঘৰৰ পৰা চোৰে গৰু খুলি নিবলৈ ধৰাৰ সময়ত ঘৰৰ মানুহে গম পাই ওলাই আহোঁতেই চোৰে গৰু এৰি পলাই যায় ৷ ঠিক সেই সময়তে উলুৱনী থানাৰ নৈশ টহলদাৰী বাহনখন উক্ত স্থানত উপস্থিত হয় ৷ গৰু চোৰে নিজৰ গাড়ী লৈ পলোৱাৰ সময়তে উলুৱনী আৰক্ষীৰ গাড়ীখন মাত্ৰ ১০০ মিটাৰ দূৰত্বত আছিল যদিও পিছে-পিছে খেদি চোৰৰ দলক ধৰিব নোৱাৰাৰ অভিযোগ তুলিছে ৰাইজে । উভতি আহি উলুৱনীৰ ৰাইজক গৰু চোৰ ধৰিব নোৱাৰাৰ কথা ক’বলৈ লওতেই উলুৱনী গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে উলুৱনী থানাৰ আৰক্ষীৰ বাহনখন ।
উল্লেখযোগ্য যে, কলিয়াবৰৰ বিভিন্ন গাঁৱত গৰু চুৰিৰ ঘটনাই লৈ ভয়াৱহ ৰূপ লৈছে । কলিয়াবৰৰ উলুৱনী, হাতীগাঁও, দাৰিগজী, চতিয়াল, পুৰণি সত্ৰ, শেনচোৱা, বাঘৰচুক, নলতলি, বৰভগীয়া আদি বিভিন্ন গাঁৱত গৰু চোৰে নিতৌ চলাই গৈছে ত্ৰাস ।
লগতে পঢ়ক : Cattle smuggling in Goalpara: গোৱালপাৰাত ৪ চুৰি গৰুসহ ৩ গৰু বেপাৰীক আটক