Kakopathar Accident : কাকপথাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত আহত সকলৰ চিকিৎসা চলিছে AMCH ত - Injured in critical condition are treated at AMCH

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:50 PM IST

ডিব্ৰুগড়, 6 ছেপ্টেম্বৰ : মঙলবাৰে নিশা তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰ-ডিৰাকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাই ৰাজ্য কঁপাই গৈছে ৷ ট্ৰাক আৰু মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে নিহত হৈছে 7 গৰাকী লোক ৷ এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক সংকটজনক অৱস্থাত নিশা প্ৰায় 2.30 বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷

ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে তিনিচুকীয়া জিলাৰ লিংটং বেতনিৰ মাকন গগৈ (60), বিকাশ নেওগ (9), মনো মৰাণ (28), জোনালী মৰাণ (30), পিংকি মৰাণ (30), বুদ্ধেশ্বৰ মৰাণ (50) আৰু বনজিৎ মৰাণ (35) ৷ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা অধিকাংশৰ আঘাত অতি গুৰুতৰ আৰু বহু কেইজনৰ অৱস্থা সংকটজনক ৷ কেইবাজনকো অসম চিকিৎসা মহাবিদ্যালয় ICU ত ভৰ্তি কৰি চিকিৎসা চলাইছে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ 

লগতে পঢ়ক : Kakopathar accident: বৰডিৰাকৰ দুৰ্ঘটনাত আহতসকলক চৰকাৰীভাৱে চিকিৎসা কৰোৱাৰ আশ্বাস সুৰেণ ফুকনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.