Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যু তদন্ত সন্দৰ্ভত সংবাদমেলত কি ক’লে DGP য়ে ! - আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 20, 2023, 12:56 PM IST

Updated : May 21, 2023, 7:27 AM IST

নিউজ ডেস্ক, ২০ মে’: এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত (Jonmani Rabha Death Case) শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ (Assam Police Head Quarter) আয়োজন কৰে । এই সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (DGP GP Singh) জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলত কয়, "চিআইডিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো সন্দেহ নাই । কিন্তু এই সিদ্ধান্ত জনসাধাৰণৰ আবেগ আৰু নিৰপেক্ষতাৰ খাতিৰত লোৱা হৈছে । দ্বিতীয় কাৰণ হ’ল আমাৰ এজন বিষয়াৰ মৃত্যু হৈছে, সেইবাবে নিৰপেক্ষ সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাটো প্ৰয়োজন । আমি আশা কৰিছো চিআইডিয়ে স্বচ্ছ আৰু সঠিক তদন্ত কৰিব ।"

ইফালে নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষককো বদলি কৰাৰ কথা জানিবলৈ দিয়ে সঞ্চালক প্ৰধান জি পি সিঙে ৷ তেওঁ এই জিলা দুখনৰ সকলো আৰক্ষী বিষয়াকো বদলি কৰাৰ সিদ্ধান্ত লোৱা কথা জানিবলৈ দিয়ে । উল্লেখ্য যে, নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল লীনা দলে ৷ আনহাতে লখিমপুৰৰ আৰক্ষী অধীক্ষক আছিল বেদান্ত মাধৱ ৰাজখোৱা ৷ ইয়াৰ পূৰ্বে নগাঁও জিলাৰ 148 জন কনিষ্টবলক বদলি কৰা হৈছিল ৷  

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীক কি আহ্বান জনালে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে ?

Last Updated : May 21, 2023, 7:27 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.