Narad Jayanti award : জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাক দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান - দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান
🎬 Watch Now: Feature Video
গুৱাহাটী, 7 মে’: বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ উদ্যোগত গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ত শনিবাৰে বিয়লি আয়োজন কৰা হয় দেৱৰ্ষি নাৰদ জয়ন্তী অনুষ্ঠান (Narad Jayanti award) ৷ এই অনুষ্ঠানতে দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয় ৷ লগতে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহ প্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ কুমাৰ ।
কুমাৰে তেওঁৰ ভাষণত ভাৰতীয় সাহিত্য সংস্কৃতি আৰু সভ্যতা বিকাশৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰে । লগতে যুগল কিশোৰ শৰ্মাই তাহানিতে নাৰদ জয়ন্তীত কাকত প্ৰকাশ কৰাৰ লগতে দাদা চাহেব ফাল্কেই ৰজা হৰিশ্চন্দ্ৰ ছবি নিৰ্মাণ কৰি দেশাত্মবোধক জনজাগৰণলৈ পৰিণত কৰা বুলি উল্লেখ কৰে ৷ দেশৰ স্বাভিমান, ঐতিহ্য আৰু ভৱিষ্যত দৰ্শন সাংবাদিকতাৰ প্ৰতিভূ বুলি কোৱাৰ উপৰিও ক’ভিড কালৰ সাংবাদিকতা সাহসীকতাৰ প্ৰতীক বুলিও উল্লেখ কৰে৷
উল্লেখ্য যে, এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাক প্ৰদান কৰা হয় দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা (Journalist Rupam Barua received Narad Jayanti award) । এই বঁটাত আছে 50 হাজাৰ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা, ভাৰত মাতাৰ ছবি আদি ৷ নাৰদ জয়ন্তী উপলক্ষে সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, সাংবাদিক সাম্য ভৰদ্বাজ আৰু সাংবাদিক শেৱালি কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷
লগতে পঢ়ক : Dr Sangeeta Dutta case : গ্ৰেপ্তাৰ হ’ল পলাতক চিকিৎসক ডাঃ সংগীতা দত্ত