অসমত কোনোৱে গল্প-উপন্যাস লিখি স্বাৱলম্বী হ'ব পৰা নাই:মনোজ কুমাৰ গোস্বামী

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 3:40 PM IST

thumbnail

নলবাৰী, ১৯ নৱেম্বৰ: নলবাৰী মহাবিদ্যালয়ত বিশিষ্ট সাংবাদিক,সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীৰ সৈতে অন্তৰংগ আলাপৰ আয়োজন কৰা হয় ৷ সাহিত্য,সাংবাদিকতা,সমাজ আৰু সংস্কৃতিক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত হয় অন্তৰংগ আলাপ ৷ উক্ত অন্তৰংগ আলাপত উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ কমল নাৰায়ণ পাটোৱাৰী, জি এল পাব্লিকেচনৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰকে ধৰি বিশিষ্ট ব্যক্তিসকল ৷ 

নলবাৰী কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অন্তৰংগ আলাপত বিশিষ্ট ব্যক্তিসকলৰ লগতে ছাত্ৰ-ছাত্ৰী তথা নৱ প্ৰজন্মক উদ্দেশ্যি ভাষণ প্ৰসংগত বহু কথাই ক'লে সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে ৷  

বৰ্তমান সমাজব্যৱস্থাত বাতৰি কাকত আৰু টেলিভিছনৰ চেনেলৰ প্ৰয়োজনীয়তা আৰু ছ'চিয়েল মিডিয়াৰ আগ্ৰাসী ৰূপৰ কথা দোহাৰে মনোজ কুমাৰ গোস্বামীয়ে ৷ অসমত আজিও কোনো লোকে গল্প নাইবা উপন্যাস লিখি স্বাৱলম্বী হ'ব পৰা নাই ৷ সেয়া দুৰ্ভাগ্যজনক বুলি মন্তব্য় কৰি কয় যে সেইবাবেই সাহিত্য জগতৰ লগত জৰিত থাকিও সাংবাদিকতাৰ সৈতে জৰিত হোৱাৰ কথা সদৰী কৰে ৷ দীঘলীয়া সাংবাদিকতাৰ যাত্ৰাত তেওঁ লাভ কৰা  ঘাট-প্ৰতিঘাটৰ  বিষয়ে উল্লেখ কৰি কিয় বৰ্তমান সময়ত এচাম নৱপ্ৰজন্মই সাহিত্যৰ সৈতে জৰিত হ'ব নোখোজে-তাৰো সুক্ষ্ম বিশ্লেষণ কৰিলে মনোজ কুমাৰ গোস্বামীয়ে ৷

লগতে পঢ়ক:চিল্কিয়াৰাৰ সুৰংগ দুৰ্ঘটনাৰ ৮ম দিন, পৰস্থিতিৰ বুজ ল'বলৈ উত্তৰকাশীত উপস্থিত নীতিন গাডকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.