Kati Bihu 2023: কাতি বিহুত কিয় চৰ্চালৈ আহিল যোৰহাটৰ দীপ বৰা ? - যোৰহাটৰ দীপ বৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:42 PM IST

Updated : Oct 18, 2023, 7:32 PM IST

যোৰহাট, 18 অক্টোবৰ : সদায়ে বিশেষ যোৰহাট আৰু যোৰহাটৰ ৰাইজ ৷ আজি কাতি বিহুৰ বিশেষ দিনটোত পুনৰ চৰ্চালৈ আহিল যোৰহাট ৷ দীপ বৰা, যোৰহাটৰ এজন সাধাৰণ ব্যক্তি, আজি মানুহৰ মাজত চিনাকি হ’ল এজন অসাধাৰণ ব্যক্তি হিচাপে ৷

আধুনিকতাৰ ধামখুমীয়াত ক্ৰংকিট নগৰলৈ ৰূপান্তৰিত হোৱা যোৰহাটবাসী সাজু হৈছে কাতি বিহু উদযাপনৰ বাবে ৷ কাতি বিহুৰ দিনটোতে এক ব্যতিক্ৰমী পদক্ষেপ ল’লে দীপ বৰাই । নিজৰ বাৰীতে থকা প্ৰায় ১৫০০ ৰো অধিক তুলসী পুলি তেওঁ আজি বিতৰণ কৰিছে বিনামূলীয়াকৈ ৷ এইয়া তেওঁৰ প্ৰথম প্ৰচেষ্টা ৷

কাতি বিহুৰ দিনটোত তুলসী বেদীত চাকি জ্বলোৱাটো অসমীয়াৰ প্ৰাচীন পৰম্পৰা ৷ গধূলি ঘৰৰ সকলোৱে একেলগে প্ৰাৰ্থনা গাই, মাহ প্ৰসাদ খাই কাতি বিহু উদযাপন কৰে ৷ কিন্ত গ্ৰামাঞ্চলত তুলসী পুলি সহজে উপলব্ধ যদিও নগৰত সহজে বিচাৰি পোৱা নাযায়,সেয়েহে নগৰবাসীৰ সুবিধাজনক হোৱাকৈ তুলসী পুলি সহজলব্ধ কৰি তুলিছে যোৰহাট এলেংমৰাৰ দীপ বৰা নামৰ ব্যক্তিজনে ৷

যোৰহাট বৰুৱা চাৰি আলিত এখন বিশেষ গাড়ীত প্ৰায় ১৫০০ৰো অধিক তুলসী পুলি আনি তেওঁ বিতৰণ কৰিছে বিনামূলীয়াকৈ ৷ দীপ বৰাই গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক : Kati Bihu 2023:মৰাণত কাতি বিহু উপলক্ষে সাজু কৰা হৈছে আকাশ বন্তি

Last Updated : Oct 18, 2023, 7:32 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.