Jorhat district establishment day:যোৰহাট জিলা দিৱস উদযাপনৰ দ্বিতীয় দিনা বিহুৱা-বিহুৱতীক বিতৰণ মাননি আৰু মানপত্ৰ

By

Published : Jun 30, 2023, 7:45 PM IST

thumbnail

যোৰহাট, ৩০ জুন : অসম চৰকাৰৰ দ্বাৰা এখন বাকৰিত আয়োজিত সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়া যোৰহাটৰ শিল্পীসকললৈ প্ৰমাণপত্ৰ আৰু চেক বিতৰণি অনুষ্ঠান শুকুৰবাৰে যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰতিষ্ঠাৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে অনুষ্ঠিত কৰা হয় । আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি বিশ্ব অভিলেখ গঢ়া যোৰহাটৰ বিহু শিল্পীসকলক প্ৰমাণপত্ৰ আৰু চেক বিতৰণ কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ।

আজি শিল্পী সকলক চেক আৰু প্ৰমানপত্ৰ বিতৰণ কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে, "২০২৩ বৰ্ষৰ ১৪ এপ্ৰিল তাৰিখতো অসমবাসীৰ বাবে এই ঐতিহাসিক দিন হিচাপে স্বীকৃত হৈ ৰ’ব । সেই দিনটো অসমবাসীৰ বাবে এক গৌৰৱৰ দিন । অসম তথা অসমীয়াৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ বিহুৱা-বিহুৱতীয়ে যি প্ৰচেষ্টা কৰিলে তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যি পদক্ষেপ লোৱা হ’ল ই এক গুৰুত্বপূৰ্ণ দিশ । তদুপৰি যোৰহাট জিলাৰ যিসকল বিহুৱা-বিহুৱতী, ঢুলীয়াই অংশগ্ৰহণ কৰি এই কাৰ্যক সাফল্য মণ্ডিত কৰি তুলিলে তাৰ বাবে যোৰহাটৰ অভিভাৱক মন্ত্ৰী হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো" ।

অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ তপন গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । আজিৰ অনুষ্ঠানৰ পূৰ্বে "পথ সুৰক্ষা সম্পৰ্কে জীৱনৰ নাট" সম্পৰ্কে চুটি নাট পৰিৱেশন কৰে "কলাভূমি" নাট্য দলৰ শিল্পীসকলে । 

লগতে পঢ়ক : Assam Bihu Dancers:ধেমাজিত বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.