Jonai Violence Update: গো-পালকক আক্ৰমণত জড়িত চাৰিজনক আটক আৰক্ষীৰ

By

Published : Jul 8, 2023, 8:44 PM IST

thumbnail

জোনাই, 8 জুলাই: ভূমি বিবাদক কেন্দ্ৰ কৰি জোনাই মুনমুনি মাজিআলি চাপৰিত 4 জুলাইৰ বিয়লি এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাত জড়িত আন চাৰিজন অভিযুক্তই শনিবাৰে জোনাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰা অভিযুক্ত কেইজন ক্ৰমে তিথিৰাম কুটুম, আলি দলে, আজিনক কুটুম আৰু লঙ্কেশ্বৰ টায়ে বুলি জানিব পৰা গৈছে ৷  

ঘটনা সন্দৰ্ভত ইতিমধ্যে জোনাই আৰক্ষীয়ে আত্মসমৰ্পণকাৰী অভিযুক্তকেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, 4 জুলাইত বিয়লি মুনমুনি মাজিআলি চাপৰিত খেতিয়ক সকলে গো-পালক দলৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰাত মুঠ 11 জন গো-পালক গুৰুতৰভাৱে আহত হৈছিল ৷ ইয়াৰে 5 জনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ ভাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও কানাই পেগু নামৰ এজন লোক ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত 5 জুলাইত নিশা প্ৰায় 1.30 বজাত মৃত্যু হয় ৷

এই ঘটনাৰ পিছতে ঘটনা সন্দৰ্ভত জড়িত অপৰাধীসকলক আটক কৰিবলৈ দিনে-নিশাই অভিযান চলাই জোনাই আৰক্ষীয়ে ৷ ইফালে 6 জুলাই, বৃহস্পতিবাৰে বিয়লি এই ঘটনাৰ লগত জড়িত মুঠ 9 জন অভিযুক্তই জোনাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত মুঠ 13 জন অভিযুক্তক জোনাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Cattle Smuggling Case:কলিয়াবৰত চোৰাং গৰুভৰ্তি বাহন জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.