Amrit Kalash Yatra:জোনাইৰ লাইমেকুৰীত অমৃত কলহ যাত্ৰাত বিধায়ক ভূৱন পেগু - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-09-2023/640-480-19629832-thumbnail-16x9-amrit-kalash-yatra.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 28, 2023, 6:07 PM IST
জোনাই, ২৮ ছেপ্টেম্বৰ : দেশ মাতৃৰ বাবে শ্বহীদ হোৱা অমৰ জোৱান সকলৰ সন্মানাৰ্থে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অংশস্বৰূপে সমগ্ৰ অসমত ব্যাপক আৰু সাৰ্বজনীন ৰূপত ৰূপায়ণ কৰা হৈছে 'অমৃত কলহ যাত্ৰা'। সকলো জিলাৰ সমান্তৰালকৈ জোনাইৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে জোনাইৰ বিধায়ক ভূৱন পেগুৱে ।
অমৃত কলহ যাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে শ শ লোকে ঢোলে-দগৰে সমদল কৰে ৷ যাত্ৰাৰ সময়ত কেইবাখনো ৱাৰ্ডৰ ৰাইজে এমুঠিকৈ মাটি দান কৰি চৰকাৰী কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনালে । ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ভূৱন পেগুৱে কয়, অঞ্চলবাসী ৰাইজে অতি উৎসাহ আৰু উলহ-মালহেৰে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰভক্তিৰ এক অনন্য নিদর্শন দাঙি ধৰিছে ৷ অতি উদ্যমেৰে আগভাগ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে জোনাইৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া, জিলা পৰিষদৰ সদস্যা শুভাৰানী ব্ৰহ্ম প্ৰমুখ্যে সহযোগী দল সন্মিলিত গণশক্তি, অসম তথা মিচিং সকলৰ জাতীয় সংগঠন TMPK ৰ নেতৃত্ব, স্থানীয় ব্যক্তিসকল ।
লগতে পঢ়ক : Amrit Kalash Yatra : নেলীত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ