Drama Festival in Tangla: জয়ৰঙ্গম ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি
🎬 Watch Now: Feature Video
Published : Oct 1, 2023, 2:21 PM IST
ওদালগুৰি,১ অক্টোবৰ: টংলাত জয়ৰঙ্গম ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি । যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰথমবাৰৰ বাবে ওদালগুৰি জিলাৰ টংলাৰ দাপোন দ্য মিৰ'ৰত জয়পুৰস্থিত জয়ৰঙ্গমৰ উদ্যোগত অভিনেতা পবিত্ৰ ৰাভাৰ সহযোগত অনুষ্ঠিত হৈছিল সাতদিনীয়া ৰাষ্ট্ৰীয় নাট সমাৰোহ । অভিনেতা পবিত্ৰ ৰাভাৰ পৰিচালনাত প্ৰথমখন নাট 'মংগ্লী'ৰে শুভাৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাট মহোৎৱত অসম, মেঘালয়, নাগালেণ্ড, ৰাজস্থানকে ধৰি আন কেইবাখনো ৰাজ্যৰ পৰা সাতটাকৈ দলে সাতখনকৈ বিশেষ নাট মঞ্চস্থ কৰে ।
টংলাৰ আমাৰ গাঁৱৰ দৰে এখন ভিতৰুৱা গাঁৱত প্ৰতিদিনে দৰ্শকৰ সঁহাৰি দেখি জয়ৰঙ্গম ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ উদ্যোক্তাসকলে উদযাপন সফল হোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে । আনহাতে ৩০ ছেপ্টেম্বৰ অন্তিম নিশা জাতি জনগোষ্ঠীৰ সাংস্কৃতি প্ৰদৰ্শনৰ পিছতে ৬:৩০ বজাত গুনমণি বৰুৱাৰ পৰিচালনাত 'হেঁপাহৰ জোলোঙাঁ' নাটখন মঞ্চস্থ হয় । প্ৰতিকূল বটৰকো নেওচি অজস্ৰ দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱাত অভিনেতা পবিত্ৰ ৰাভাই সুখী বুলি অনুভৱ প্ৰকাশ কৰে ।