Silpukhuri Durga Puja : ISROৰ আৰ্হিত এইবাৰৰ শিলপুখুৰীৰ পূজা মণ্ডপ - গুৱাহাটী দুৰ্গা পূজা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:42 PM IST

Updated : Oct 22, 2023, 11:04 PM IST

গুৱাহাটী, 22 অক্টোবৰ : বিগ বাজেটৰ পূজাসমূহত দেশ-বিদেশৰ বিভিন্ন মন্দিৰৰ আৰ্হি আৰু অনান্য থীমৰ পূজা মণ্ডপসমূহৰ দৰে মহানগৰীৰ শিলপুখুৰীতো দেখা গ’ল একেই দৃশ্য । ISRO ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শিলপুখুৰীৰ পূজা মণ্ডপ । শেহতীয়াকৈ চন্দ্ৰজান অভিযানক সফল কৰা মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISROক কৃতজ্ঞতা জনাবলৈ আয়োজকে নিৰ্মাণ কৰিছে এই ব্যতিক্ৰমী মণ্ডপ । দেৱী মা দুৰ্গাৰ আশিস ল’বলৈ পূজা মণ্ডপে মণ্ডপে ভিৰ কৰিছে ভিন্নজনে । নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ ৰূপত পূজা কৰা হয় দেৱী দুৰ্গাৰ । অনুষ্ঠিত হ’ল সন্ধি পূজাও । ৰাজ্যজুৰি দুৰ্গা পূজাৰ উপলক্ষে এতিয়া এনেদৰে দেখা হৈছে উৎসাহ । দেৱী মাৰ আশিস ল’বলৈ এতিয়া এনেদৰে পূজা মণ্ডপ সমূহত ভিৰ কৰিছে অগণন ভক্তই ।

লগতে পঢ়ক: Maha ashtami 2023 : গহপুৰৰ 100 বছৰ পুৰণি দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

Last Updated : Oct 22, 2023, 11:04 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.