ETV Bharat / sports

উভতি চাওঁ 2024: ভাৰতীয় ক্ৰিকেটৰ উত্থান-পতনৰ সাক্ষী এই বৰ্ষ - YEAR ENDER 2024

ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰৰ বাবে এটা বিশেষ বৰ্ষ আছিল 2024 ৷ টি-20 বিশ্বকাপ জয়ৰ পৰা বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ আসন গ্ৰহণ, উল্লেখনীয় সফলতা এই বৰ্ষটোৰ ।

YEAR ENDER 2024
২০২৪ বৰ্ষত ভাৰতীয় ক্ৰিকেট (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Dec 20, 2024, 9:02 PM IST

স্প’ৰ্টছ ডেস্ক: আকৌ এটা বছৰে সময়ৰ পৃষ্ঠা সলাবলৈ গতি কৰিছে । এই বছৰটো ভাৰতৰ বাবে বিভিন্ন ক্ষেত্ৰত সফলতা-বিফলতাৰে পৰিপূৰ্ণ আছিল । ক্ৰীড়া ক্ষেত্ৰতো ভাৰতে এই বৰ্ষত বিভিন্ন ঘটনা-পৰিঘটনাৰ সাক্ষী হৈছে । 2024 চনত বহুকেইখন মেচত অংশগ্ৰহণ কৰিছে টীম ইণ্ডিয়াই ৷ দলটোৱে এই সময়ত সাক্ষী হৈ ৰৈছে বহু উত্থান-পতনৰো ৷ যাৰ ভিতৰত অন্যতম হৈছে ভাৰতৰ টি-20 বিশ্বকাপ জয় ।

অৱশ্যে টীম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হ'বলগা হয়, যিটো আছিল মেন ইন ব্লুৰ বাবে বছৰটোৰ সবাতোকৈ অনাকাংক্ষিত ঘটনা । আনহাতে, এই বছৰটোতে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে নিজৰ কেৰিয়াৰৰ সামৰণি মৰাৰ লগতে 12.5 নিযুতৰো অধিক জনসংখ্যাৰ দেশখনে বিশ্বকাপ জয়ৰ আনন্দত মতলীয়া হয় ৷

এনেধৰণৰ বহু উল্লেখযোগ্য ঘটনাৰে ভৰি আছে 2024 বৰ্ষৰ ভাৰতীয় ক্ৰিকেট জগত ৷ বছৰটোৰ বিভিন্ন উল্লেখনীয় পৰিঘটনা সামৰি এক বিশেষ প্ৰতিবেদন ।

দ্বিতীয়বাৰৰ বাবে টি-20 বিশ্বকাপৰ খিতাপ

প্ৰাপ্তিৰ আনন্দ সদায়ে সুখকৰ । তাতে যদি সেই প্ৰাপ্তি সুদীৰ্ঘ সময়ৰ কঠোৰ পৰিশ্ৰমৰ পিছত আহে, ই অতি বিশেষ হৈ পৰে । ভাৰতীয় ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টি-20 বিশ্বকাপ, 2024-ত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ সময়তে অপেক্ষা কৰি আছিল বিশ্বকাপ ট্ৰফী জয়ৰ 10 বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ ।

YEAR ENDER 2024
টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দল (ANI)

অৱশেষত সেই সফলতা অৰ্জন কৰে টীম ইণ্ডিয়াই । টি-২০ বিশ্বকাপৰ ট্ৰফীত দ্বিতীয়বাৰৰ বাবে সাফল্যৰ চুম্বন অংকন কৰে ভাৰতীয় ক্ৰিকেট দলে । মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে এয়া আছিল এক ডাঙৰ কৃতিত্ব । কিয়নো এই ভূমিতে এবাৰ বিফল হোৱা দ্ৰাবিড়ে এইবাৰ ভাৰতীয় দলক বিশ্বকাপ জয়ত অৰিহণা আগবঢ়ায় ৷

উল্লেখ্য যে ৰাহুল দ্ৰাবিড়ৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলটো 2007 চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ দৌৰৰ পৰা বাহিৰ ওলাইছিল । তাৰ পিছত তেওঁৰ আন এক নেতৃত্বত এই সফলতা নিশ্চিতভাৱে দ্ৰাবিড়ৰ বাবে এক বিশেষ সন্মান । প্ৰতিযোগিতাখনত ৰোহিত শৰ্মা দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় ৷ আনহাতে, অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰে ৷

2024 বৰ্ষৰ আই পি এল খিতাপ কে কে আৰলৈ; ঋষভ পণ্ট নিলামৰ বহুমূলীয়া খেলুৱৈ

আই পি এল, 2024-ৰ খিতাপ জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় ৷ শ্ৰেয়ছ আয়াৰৰ অধিনায়কত্বত আৰু গৌতম গম্ভীৰৰ নিৰ্দেশনাত দলটোৱে ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে ৷ সুনীল নাৰিন দলটোৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তীয়ে দখল কৰে সৰ্বাধিক উইকেট ৷ আনহাতে, আই পি এল, 2025-ৰ পূৰ্বে অনুষ্ঠিত মেগা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে (এল এছ জি) 27 কোটি টকা মূল্যত ক্ৰয় কৰে ঋষভ পণ্টক । ইয়াৰ লগে লগে পণ্টে আই পি এল ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে অভিলেখ ৰচে ৷

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বভাৰ গৌতম গম্ভীৰৰ কান্ধত

টি-২০ বিশ্বকাপ, ২০২৪-ৰ পিছতে এসময়ত 'দ্য ৱাল' নামেৰে পৰিচিত ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল সমাপ্ত হয় । ইয়াৰ পিছত এই গুৰু দায়িত্ব প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰক অৰ্পণ কৰা হয় । গম্ভীৰৰ তত্ত্বাৱধানতে কে কে আৰে আই পি এল, ২০২৪ খিতাপ জয় কৰাত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাত প্ৰাক্তন ভাৰতীয় অপেনাৰগৰাকী আনসকলৰ তুলনাত এই দৌৰত আগবাঢ়ি যায় ।

YEAR ENDER 2024
গৌতম গম্ভীৰ (ANI)

তাৰকা ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

এই বছৰটোত কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে তেওঁলোকৰ কেৰিয়াৰ সমাপ্ত কৰাৰ কথা ঘোষণা কৰে । ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায় । আনহাতে, ৰবিচন্দ্ৰন অশ্বিনেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় । বিশ্ব ক্ৰিকেট ক্ষেত্ৰত ডেভিদ ৱাৰ্ণাৰ, জেমছ এণ্ডাৰছন, টিম ছাউডী (টেষ্ট), নীল ৱাগনাৰ, দীনেশ কাৰ্তিক, হেনৰিক ক্লাছেন (টেষ্ট) আৰু মঈন আলী হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱা উল্লেখযোগ্য কেইটামান নাম ।

প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত হোৱাইট ৱাশ্ব

কেইবাটাও ঈৰ্ষণীয় সফলতাৰ পিছতো কিন্তু ভাৰতীয় ক্ৰিকেটে এক অনাকাংক্ষিত অভিলেখৰ বাবে এই বছৰটোক পাহৰিব নোৱাৰিব । কিয়নো প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৱে টেষ্ট শৃংখলাত নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত হোৱাইট ৱাশ্বৰ সন্মুখীন হ'বলগা হয় । এইটো হৈছে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতে তিনি বা ততোধিক মেচৰ শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হোৱা প্ৰথমটো ঘটনা । ভ্ৰমণকাৰী কিৱি বাহিনীয়ে ৰোহিত বাহিনীক 3-0 ব্যৱধানত পৰাস্ত কৰি ঐতিহাসিক টেষ্ট শৃংখলাটো ভাৰতৰ হাতৰ পৰা আঁজুৰি নিয়ে ।

YEAR ENDER 2024
চৰফৰাজ খান (IANS)

নতুন দায়িত্বত সূৰ্যকুমাৰ যাদৱ

ধোনিৰ পিছত ৰোহিত শৰ্মাই ভাৰতীয় দলটোক দ্বিতীয় টি-২০ বিশ্বকাপ খিতাপ জয়লৈ নেতৃত্ব দি আগবঢ়াই নিয়াৰ পিছত তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে । যাৰ বাবে ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ ফৰ্মেটটোৰ বাবে ভাৰতীয় দলৰ অধিনায়কত্বৰ পদ খালী হয় । ফলত বিশ্ব টি-২০ ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ, একক শৈলীৰে বিপক্ষৰ বলাৰক প্ৰহাৰ কৰা সূৰ্যকুমাৰ যাদৱক ইয়াৰ অধিনায়কত্ব প্ৰদান কৰা হয় । তেওঁৰ এই চমু নেতৃত্বতে ভাৰতে 13 খন মেচত জয়লাভ কৰাৰ বিপৰীতে তিনিখনত পৰাজয় আৰু এখন মেচ ড্ৰ' খেলে ।

কেইবাগৰাকীও ক্ৰীড়া প্ৰতিভাৰ ভাৰতীয় ৰাষ্ট্ৰীয় দলত অভিষেক

২০২৪ চনতো ভাৰতৰ ক্ৰিকেট ক্ষেত্ৰখন নতুন প্ৰতিভাসকলৰ বাবে এক উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হৈছে । কিয়নো এই বৰ্ষতে বিশ্ব ক্ৰীড়া জগতৰ এক অন্যতম গ্লেমাৰাছ ফৰ্মেট ক্ৰিকেটত আত্মপ্ৰকাশ কৰে কেইবাগৰাকীও প্ৰতিভাসম্পন্ন যুৱ খেলুৱৈয়ে । তেওঁলোকৰ ভিতৰত আছে ৰজত পাতিদাৰ, ধ্ৰুৱ জুৰেল, ছৰফৰাজ খান, আকাশ দীপ, দেৱদত্ত পাডিক্কাল, নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাই ৰঙা বলৰ ফৰ্মেটত আত্মপ্ৰকাশ কৰে । আনহাতে, অসমৰ ৰিয়ান পৰাগ, ৰমণদীপ সিং, মায়াংক যাদৱ, তুষাৰ দেশপাণ্ডে, অভিষেক শৰ্মা আৰু সাই সুদৰ্শনে প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে ।

ঋষভ পণ্টৰ প্ৰত্যাৱৰ্তন

এক গুৰুতৰ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ পিছত নিজৰ মনোবল আৰু অধ্যৱসায় প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰে তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্টে ৷ তেওঁ টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল । লগতে এক ইতিহাস ৰচনা কৰি আগন্তুক বৰ্ষৰ আই পি এলৰ বাবে ২৭ কোটি টকাত বাঁওহতীয়া ষ্টাইলিষ্ট বেটাৰগৰাকীক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে (এল এছ জি) নিলামত ক্ৰয় কৰে ।

YEAR ENDER 2024
জয় শ্বাহ (IANS)

বিশ্ব ক্ৰিকেটৰ শীৰ্ষ পদত আৰোহণ জয় শ্বাহৰ

বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিৰ অধ্যক্ষ পদত এই বছৰটোতে অধিষ্ঠিত হয় জয় শ্বাহ । ১ ডিচেম্বৰত তেওঁৰ কাৰ্যকাল আৰম্ভ হয় । তেওঁৰ কাৰ্যকালৰ প্ৰথমখন বৈঠকতে চেম্পিয়নছ ট্ৰফী, 2025 হাইব্ৰিড মডেলত খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :বিদায় ২০২৪ : এইসকল অসমীয়াক লৈ গৌৰৱান্বিত ৰাজ্যবাসী - YEARENDER 2024
লগতে পঢ়ক :বিশেষজ্ঞৰ দৃষ্টিত 2024 : এই বছৰটো ভাল আছিল, অহা বছৰে অৰ্থনীতিৰ ওপৰত অধিক স্পষ্টতা দিব - YEARENDER 2024
লগতে পঢ়ক :উভতি চাঁও ২০২৪ : বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ - YEARENDER 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.