গুৱাহাটী : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আজিৰ দিনটোত দুবাৰকৈ আটক কৰা হয়। অৱশ্যে দ্বিতীয়বাৰ আটক কৰাৰ কিছু সময় পাছতে তেওঁক মুকলি কৰি দিয়া হয় । কাহিলিপাৰস্থ দশম অসম আৰক্ষীৰ বাহিনীৰ ছাউনিৰ গেটত আৰক্ষীৰে হোৱা হতাহতিৰ পাছত ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আটক কৰে আৰক্ষীয়ে । প্ৰথমবাৰ আটক কৰি মুকলি কৰি দিয়াৰ পিছতে এই হতাহতিৰ ঘটনা সংঘটিত হৈছিল ।
উল্লেখ্য যে শুকুৰবাৰে ঘোঁৰামাৰাৰ নিজা বাসভৱনৰ পৰা সদলবলে সমদল কৰি দিছপুৰ অভিমুখে ৰাওনা হৈছিল ভূপেন বৰা । হাতীগাঁৱত উপস্থিত হোৱাৰ পাছতে ভূপেন বৰাসহ আন কেইবাগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে বলপূৰ্বকভাৱে আটক কৰি দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৱদ্ধ কৰি ৰাখে । আৱদ্ধ কৰি ৰাখে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমকো ।
ইফালে, বিয়লি ভূপেন বৰাসহ আটক কৰি ৰখা আন প্ৰতিবাদকাৰী সকলক মুকলি কৰি দিয়াৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে । সন্ধিয়া ভূপেন বৰাসহ আন আটকাধীন প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়া হয় । মুকলি কৰি দিয়াৰ পাছতে আৰক্ষীৰে ভূপেন বৰাসহ উপস্থিত কৰ্মী-সমৰ্থক সকলৰ কথা কটাকটি হোৱাৰ লগতে হতাহতি হয় । ইয়াৰ পাছতে পুনৰ ভূপেন বৰাক আৰক্ষীয়ে আটক কৰে । অৱশ্যে কিছু সময় পাছতে আৰক্ষীয়ে ভূপেন বৰাক মুকলি কৰি দিয়ে ।
দিছপুৰ থানাত এজাহাৰ অধিবক্তাৰ :
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবক আৱদ্ধ কৰি ৰখা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ । অধিবক্তা ৰীতম সিঙে দাখিল কৰে এই এজাহাৰ । কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল’বলৈ আহি গুৱাহাটীত আটক হয় যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী । কংগ্ৰেছৰ ৰাজভৱন যাত্রা কাৰ্যসূচীত ভাগ লৈ মৃত্যু হোৱা মৃদুল ইছলামৰ শোকসন্তপ্ত পৰিয়ালক সমৱেদনা জ্ঞাপন কৰিবলৈ অহা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি উদয় ভানু চিবক গুৱাহাটীৰ এখন হোটেলত নজৰবন্দী কৰি ৰখা হয় ।
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আজি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ কথা আছিল । যাৰ বাবে তাৰ পূৰ্বেই ৰাষ্ট্ৰীয় সভাপতিগৰাকী থকা গুৱাহাটীৰ হোটেলখনক আৰক্ষীয়ে ঘেৰি ৰাখে । হোটেলতে নজৰবন্দী কৰি ৰখা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক কাকো সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল । আনকি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমকো তেওঁক সাক্ষাৎ কৰিবলৈ নিদিলে । তাকে লৈ জুবেইৰ আনম আৰু আৰক্ষীৰ মাজত বাকবিতণ্ডা হয় ।
সেইদৰে অধিবক্তা ৰীতম সিঙেও তেওঁক সাক্ষাৎ কৰিবলৈ গৈছিল । কিন্তু আৰক্ষীয়ে তেওঁকো হোটেলত প্ৰৱেশ কৰিবলৈ নিদিলে । যাৰ বাবে অধিবক্তা গৰাকীয়ে আজি দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ।