গুৱাহাটী: ২০২৪ বৰ্ষটো বিদায় দি নতুন বৰ্ষটোক আদৰিবলৈ মাজত মাথো কেইদিনমান বাকী । ২০২৪ বৰ্ষটো সাহিত্য, সংস্কৃতি, ক্ৰীড়া জগতে ৰাজ্য বাসীৰ বাবে শুভ সংবাদ কঢ়িয়াই আনিছিল যদিও এই বৰ্ষটোত আমাৰ মাজৰ পৰা বিদায় মাগিলে কেইবাগৰাকী পুৰোধা ব্যক্তিয়ে । এই বৰ্ষটোত আমাৰ মাজৰ পৰা বিদায় লোৱা পুৰোধা ব্যক্তিয়ে নিজৰ নিজৰ কৰ্মৰে সমাজৰ বাবে বিশেষ অৱদান আগবঢ়াই গৈছে । তেওঁলোকৰ বিদায় সমাজৰ বাবে অপূৰণীয় ক্ষতি । বিদায়ী বৰ্ষটোত আমাৰ মাজৰ পৰা বিদায় লোৱা বিশিষ্ট ব্যক্তিসকলক সামৰি আমাৰ এক প্ৰতিবেদন ।
বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান:
বিদায়ী বৰ্ষটোতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক বিশিষ্ট নাট্যকাৰ, অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান ঘটে । নিউম’নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি পহিলা নৱেম্বৰত ইহলীলা সম্বৰণ কৰে বিশিষ্ট অভিনেতা আবৃত্তিকাৰগৰাকীয়ে । ১৯৩৩ চনত গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য আছিল একেধাৰে অনাতাঁৰ শিল্পী, নাট্যকাৰ, অভিনেতা তথা পৰিচালক, ধাৰাভাষ্যকাৰ, আবৃত্তিকাৰ ।
লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ অন্যতম শিল্পী ভট্টাচাৰ্যই এসময়ৰ অনাতাঁৰ নাট 'পৰশুৰাম'ৰ জৰিয়তে জনপ্ৰিয়তা অর্জন কৰাৰ লগতে শিল্পীগৰাকী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত বহু কেইখন জনপ্ৰিয় ৰেডিঅ' নাটত অভিনয় কৰিছিল । তদুপৰি বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ নাট 'আহাৰ' আৰু 'নিবাৰণ ভট্টাচাৰ্য'ত তেওঁৰ বলিষ্ঠ অভিনয় শৈলীৰে মন্ত্ৰমুগ্ধ কৰিছিল দৰ্শকক ।
ইয়াৰোপৰি 'শকুন্তলা', 'লটিঘটি', 'চিকমিক বিজুলী', 'প্ৰভাতী পখীৰ গান', 'ৰামধেনু', 'ভিলেজ ৰকষ্টাৰ' আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে । লগতে দুৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে । তাৰে ভিতৰত তেখেতৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক 'তেজাল ঘোঁৰা' উল্লেখযোগ্য । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল ভট্টাচাৰ্য ।
শেহতীয়াকৈ '৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যই । 'হাতীবন্ধু' ছবিখনৰ ধাৰাভাষ্যকাৰ বাবে এই সন্মান লাভ কৰিছিল শিল্পীগৰাকীয়ে । অসমৰ সাংস্কৃতিক জগতৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ।
বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ দেহাৱসান:
অসমৰ সাংস্কৃতিক ক্ষেত্ৰ উকা কৰি এই বৰ্ষটোতে অজান দেশলৈ গ'লগৈ বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । ১১ মাৰ্চত ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । অসমৰ সংগীত জগতলৈ অনন্য অৱদান আছিল বেনাৰ্জীৰ । তেওঁ আছিল গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক । গীতৰ স্বৰলিপিৰ ক্ষেত্ৰতো তেওঁৰ আছিল অগাধ দখল । সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ বহু স্বৰলিপি কৰিছিল শিল্পীগৰাকীয়ে ।
বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল । তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল জনকনন্দিনী । ১৯৫৫ চনত নগাওঁত জন্মগ্ৰহণ কৰা বিশিষ্ট শিল্পীগৰাকীয়ে শৈশৱৰ পৰাই এটা সংস্কৃতিৱান পৰিৱেশত ডাঙৰ দীঘল হৈছিল । শিল্পীগৰাকীৰ মৃত্যু অসমীয়া সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি ।
যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান:
বিদায়ী বৰ্ষটোৰ আৰম্ভণিতেই সাংস্কৃতিক জগতৰ বাবে এটা বেয়া খবৰ আহিছিল । শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাত ৯ জানুৱাৰীত যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান ঘটিছিল । ৮০ বছৰ বয়সত ভূপেন উজীৰৰ মৃত্যু হয় । জীৱনকালত শিল্পীগৰাকীয়ে প্ৰায় ২০ খনৰো অধিক অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছিল ।
তেওঁ সংগীত পৰিচালনা কৰা ছবি কেইখনৰ ভিতৰত হৈছে দেৱী, জীৱন সুৰভি, ব'হাগৰ দুপৰীয়া, পূজা, পিতা-পুত্র, ভাই ভাই, বৰদৈচিলা, যখিনী, অগ্নিগড়, নিশাৰ অৰণ্য, প্রতিদান, উর্বশী, এই মৰম তোমাৰ বাবে, জখম, মৰমী হ'বানে লগৰী, সত্যম শিৱম সুন্দৰম, অঘৰী আত্মা আদি । যৌৱনে আমনি কৰে ছবিতো সহ-শিল্পীৰ সৈতে সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে । লগতে বুকুৰ মাজত জ্বলে ছবিখনতো আন কেইবাজনৰ সৈতে সংগীত পৰিচালনা কৰিছিল ।
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান:
৭০ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দি অহা পদ্মশ্ৰী বিৰুবালা ৰাভাই । কৰ্কট ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ যোৱা ২২ এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা বিৰুবালা ৰাভাৰ ১৩ মে'ত দেহাৱসান ঘটে ।
অসমত তথাকথিত 'ডাইনী'ৰ নামত হত্যা-নিৰ্যাতন আদি সামাজিক ব্যাধি তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰি বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ যুঁজত অগ্ৰণী সৈনিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা স্বনামধন্য মহিলা, 'মিছন বিৰুবালা'ৰ গুৰি ধৰোঁতা তথা মানৱতাবাদী সমাজকৰ্মী আছিল বিৰুবালা ৰাভা । গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বিৰুবালা ৰাভাৰ জন্ম হৈছিল ।
২০০০ চনৰ পৰাই ধাৰাবাহিকভাৱে তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি কৰি আহিছে । প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছিল । ২০২১ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল ।
বিশিষ্ট ভাষাবিদ, পণ্ডিত সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকা:
এই বৰ্ষটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল আন এগৰাকী পুৰোধা ব্যক্তি । তেওঁ হৈছে বিশিষ্ট ভাষাবিদ, পণ্ডিত সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকা । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত ৩১ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল ।
১৯৩৩ চনৰ ৩১ জুলাত গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁৱত জন্মগ্ৰহণ কৰাৰবহুমূলীয়া গ্ৰন্থৰাজি হ'ল 'Assamese Language origin and Develop- ment', 'অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্রমবিকাশ', 'Caitanya's Impact on the Vaisnavism of Assam', 'চর্যাগীতিকোষ', 'অসমীয়া-বড়ো-ৰাভা ত্রিভাষিক অভিধান' ইত্যাদি । হাজৰিকাই ১৯৫০ চনৰ পৰা বৰ্তমান সময়লৈকে ৬৩৮ টা প্রবন্ধ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখিছে । ইংৰাজীত ডেৰ কুৰিতকৈ অধিক আৰু অসমীয়া ভাষাত ছয়শতকৈ অধিক প্রকাশ পাইছে । অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক ২০১৪ চনত অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে ।
প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান:
এই বৰ্ষটোতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰলৈ এটা বেয়া খৱৰ । প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা অগপ দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৰ দেহাৱসান ঘটে ১৭ মে'ত । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়ত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বয়স হৈছিল ৮৪ বছৰ । দীৰ্ঘদিন ধৰি হৃদৰোগতৰ লগতে মধুমেহ, যকৃৎ, বৃক্কৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী । থানেশ্বৰ বড়ো ১৯৮৫ চনৰ পৰা ২০০১ চনলৈ একেৰাহে তিনিবাৰ ৰঙিয়াৰ বিধায়ক হৈ আছিল । ইয়াৰোপৰি অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকা আৰু নাই:
বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱ জ্যোতি ডেকাই এই বৰ্ষতে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ । ৬ এপ্ৰিলত তেওঁ ইহলীলা সম্বৰণ কৰে । উল্লেখ্য যে, 1939 চনৰ 21 জুলাইত কলিকতাত ড৹ প্ৰণৱজ্যোতি ডেকাৰ জন্ম হৈছিল । স্কুলীয়া আৰু কলেজীয়া শিক্ষা তেওঁ কলিকতা, শ্বিলং আৰু গুৱাহাটীত গ্ৰহণ কৰিছিল । বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ ।
পৰৱৰ্তী সময়ত তেওঁ পূৰ্বৰ অবিভক্ত ছোভিয়েট ৰাছিয়াৰ লেনীনগ্ৰেড খনি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূ-তত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ড৹ প্ৰণৱজ্যোতি ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ ডেকাৰ গল্প ইংৰাজী আৰু বাংলা ভাষালৈ অনুবাদ হৈছে । ৰহস্য সাহিত্য, নাটক, ধর্ম, অভিধান, দ্বি-ভাষিক শব্দ সংগ্রহ, সমাজতত্ত্ব, বিজ্ঞান আদি বিষয়ো সামৰি লৈছে ডেকাৰ ৰচনাৰাজিয়ে ।
বিশিষ্ট সাহিত্যিকগৰাকীয়ে 2023 বর্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল । 'প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প'ৰ বাবে তেখেতে লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা । 'সোণৰ চামুচ মুখত লৈ' সাহিত্যিকগৰাকীৰ আত্মকথা । এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰ্চি লাছ আৰু অন্য গল্প, বিহুৱতী চৰাই আৰু অন্য গল্প, চর্যা গীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidences for Vedic Astrology, ৰত্ন-জ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild ড৹ প্রণবজ্যোতি ডেকাৰ উল্লেখনীয় গ্রন্থ ।
বিশিষ্ট কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান:
বিশিষ্ট কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান ঘটে । ৮৫ বছৰত ইহলীলা সম্বৰণ কৰে বিশিষ্ট কবি তথা সমালোচকগৰাকীয়ে । ১১ আগষ্টত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰবীন্দ্ৰ বৰাই । কেইবাখনো গুৰুত্বপূৰ্ণ কাব্যগ্ৰন্থৰ স্ৰষ্টা আছিল কবি ৰবীন্দ্ৰ বৰা । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থবোৰ হৈছে 'দীৰ্ঘদিনৰ প্ৰস্তুতিৰে', 'ৰাতি ভাঙি আহে', 'ক’ৰবাত ৰ’দৰ গান’ৰ লগতে ৰবীন্দ্ৰ বৰাৰ প্ৰকাশিত একমাত্ৰ উপন্যাস হৈছে 'দ্ৰৌপদী' । তদুপৰি তেওঁৰ দুখন গল্প সংকলনো প্ৰকাশ পাইছে । সমালোচক হিচাপেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে বৰাই ।
শশী ফুকনৰ দেহাৱসান:
মনোৰঞ্জনধৰ্মী মাহেকীয়া আলোচনীৰ বাটকটীয়া জনপ্ৰিয় অসমীয়া বিস্ময় আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান । ২৫ অক্টোবৰত নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ । বিগত ডেৰমাহতকৈও অধিক সময় চিকিৎসালয়ৰ বিচনাতে আছিল শশী ফুকন । প্ৰথমে গুৱাহাটীৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰয়াত ফুকন । পৰৱৰ্তী সময়ত প্ৰয়াত ফুকনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ স্থানান্তৰিত কৰা হয় ।
হেৰাই গ'ল ৰমেন বৰুৱা:
আজিও সম্ভেদ নোলাল নিৰুদ্দিষ্ট শিল্পী ৰমেন বৰুৱাৰ । বিগত ২২ জুলাইৰ পৰাই সন্ধানহীন হৈ আছে শিল্পী ৰমেন বৰুৱা । ২২ জুলাইৰ পুৱা প্ৰায় ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে বিশিষ্ট শিল্পীগৰাকী । লতাশিলস্থিত বাসভৱনৰ সমীপতে থকা গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল শিল্পীগৰাকী । দুপৰীয়া পর্যন্ত তেওঁ ঘৰলৈ উভতি নহাত জীয়াৰীয়ে ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ইতিমধ্য শিল্পীগৰাকীৰ ফোন বন্ধ হয় ।
প্ৰথমাৱস্থাত পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰে যদিও শিল্পীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি লতাশিল আৰক্ষীৰ ওচৰ চাপে পৰিয়াল । শিল্পীগৰাকীক বিচাৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ লগতে অন্যান্য ঠাইত অভিযান চলোৱা হয় যদিও কোনো সম্ভেদ নাই শিল্পীগৰাকীৰ । সদায় পৰিধান কৰাৰ দৰে সেইদিনাও বগা সাজযোৰ পৰিধান কৰি সন্তপৰ্ণে গুচি যোৱা শিল্পীগৰাকীৰ শেষ প্ৰমাণ হিচাপে থাকি গ’ল এটা মাত্ৰ চিচি টিভি ভিজুৱেল ।