ETV Bharat / state

আন্দোলন কৰিবলৈ আমাৰ ফুৰ্তি লগা নাই: মুখ্য়মন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ - BHUPEN BORAH SLAMS ASSAM CM

কংগ্ৰেছৰ প্ৰতিবাদক লৈ সৰৱ মুখ্য়মন্ত্ৰী । মুখ্য়মন্ত্ৰীক উভতি ধৰিছে কংগ্ৰেছে । চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ।

APCC Protest In Guwahati
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 10:34 PM IST

গুৱাহাটী: “জনতা ভৱনক পুলিচ হেড কোৱাৰ্টাৰ ঘোষণা কৰি দিয়ক ।” শুকুৰবাৰে দিনটো আৰক্ষীৰ বেষ্টনীত আটকাধীন হৈ ওলাই আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । আনহাতে, মুকলি কৰি দিয়াৰ পাছতে দশম অসম আৰক্ষীৰ বেটেলিয়নৰ গেটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ আটক কৰি কিছু সময়ৰ পিছত মুকলি কৰি দিয়ে ।

শুকুৰবাৰে কংগ্ৰেছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল । সেই সময়তেই যুৱ কংগ্ৰেছৰ লগতে ভূপেন বৰাসহ বহু কংগ্ৰেছ নেতা-কৰ্মীক অসম আৰক্ষীয়ে আটক কৰে । সন্ধিয়া আৰক্ষীৰ জিম্মাৰ পৰা ওলাই অহাৰ পিচতেই বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

জনতা ভৱনৰ নামটো পুলিচ ভৱন কৰি দিয়ক :

প্ৰথমেই জনতা ভৱনলৈ কংগ্ৰেছ কৰ্মীক যাবলৈ বাধা দিয়া প্ৰসংগত ভূপেন বৰাই কয়, “জনতা ভৱনৰ নামটো পুলিচ ভৱন কৰি দিয়ক, যদিহে জনতাক জনতা ভৱনলৈ আহিব নিদিয়ে । জনতা ভৱনত যদি জনতাৰ কথা নুশুনে, জনতা ভৱনটো যদি পুলিচৰ নিয়ন্ত্ৰণত থাকে তেন্তে এইটো পুলিচ হেড কোৱাৰ্টাৰ কৰি দিয়ক ।”

'কংগ্ৰেছৰ নেতাৰ মাজত প্ৰতিযোগিতা'—মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱন কাণ্ডৰ পিছত মন্তব্য কৰিছিল যে কংগ্ৰেছৰ দুজন নেতাৰ মাজত কোন বেছি ৰাহুল গান্ধীৰ কাষ চাপিব পাৰে তাৰ প্ৰতিযোগিতা চলিছে। সেই প্ৰতিযোগিতাৰ মাজত ৰাইজ পণবন্দী হ’ব নালাগে ৷ মুখ্যমন্ত্ৰীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথাৰ উত্তৰ দিলে এইদৰে—“মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছৰ নেতাৰ মাজত প্ৰতিযোগিতা চলিছে কোন ডাঙৰ নেতা হ’ব ? মুখ্যমন্ত্ৰীৰ মনলৈ এইটো ক’ৰ পৰা আহিছে, সেইটো আমি মনত পেলাব লাগিব। এনেকুৱা ভাৱ হিমন্ত বিশ্ব শৰ্মাৰ মনলৈ অহাটো স্বাভাৱিক । কিয়নো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেখেতে ভাবিলে 'কা’ আন্দোলন যদি সোণোৱাল ডাঙৰীয়াৰ দৰে ভাষণ দি, বুজাই মেলি ঠাণ্ডা কৰিব যাও ৷ তেতিয়া সোণোৱাল ডাঙৰীয়াৰ নম্বৰ বাঢ়ি যাব। তেতিয়া তেঁওৰ পৰিকল্পনা মতে ছেম ষ্টেমফৰ্ড, দিপাঞ্জল দাস, দিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমক গুলীয়াই হত্যা কৰিলে । তেতিয়া বিজেপিত হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ নম্বৰ বাঢ়ি গ’ল । সৰ্বানন্দ সোণোৱালক আতৰাই তেঁওক মুখ্যমন্ত্ৰী পাতিলে। মানুহক গুলীওৱাৰ বাবে ৷”

লগতে ভূপেন বৰাই কয়, “মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে গুলীওৱা হ’লে কি হ’লহেঁতেন ? তাৰমানে গুলী ফুটুৱাব বিচাৰিছে তেওঁ । কংগ্ৰেছীৰ ওপৰত গুলী ফুটুৱাব বিচাৰিছে তেওঁ ৷ জে’লৰ ভিতৰত আজি আমাৰ যুৱ কংগ্ৰেছে গাইছে ‘‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই’’ ৷ কাৰণ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীক গুলীয়াই মাৰিব খুজিছে ।”

প্ৰশান্ত ফুকনে গেছ চিলিণ্ডাৰ, গৰু গাড়ী লৈ আহিছিল :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কংগ্ৰেছক সমালোচনা কৰি কৈছিল যে ৰাজনৈতিক দলৰ কাম আন্দোলন কৰাটো নহয় ৷ বেলট বাকচতহে ইয়াৰ হিচাব হয় ৷ তাৰো প্ৰত্যুত্তৰ দি আৰক্ষীৰ জিম্মাৰ পৰা ওলাই আহি ভূপেন বৰাই কয়, “মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয় । সৌ সিদিনা শপত গ্ৰহণ কৰি মন্ত্ৰী হোৱা প্ৰশান্ত ফুকনে গেছ চিলিণ্ডাৰ লৈ, গৰু গাড়ী লৈ এছেম্বলীলৈ আহিছিল সেয়া কি আছিল ? স্মৃতি ইৰাণীয়ে যে আলু-পিঁয়াজৰ মালা পিন্ধি আন্দোলন কৰিছিল সেইটো কি আছিল ? ৩০ অক্টোবৰৰ দিনা ঠেলাত যে মৃতদেহ লৈ বিজয়া চক্ৰৱৰ্তী জনতা ভৱনলৈ গৈছিল সেয়া কি আছিল ? ২০১৫ চনত যে তিনিখন গেট ভাঙি হিমন্ত বিশ্ব শৰ্মাই দিশপুৰ ঘেৰাও কৰিবলৈ আহিছিল সেইটো কি আছিল ? আন্দোলন চলিব ৷ যদি আন্দোলন চলিব নালাগে তেন্তে মুখ্যমন্ত্ৰী নিজে আইনৰ গণ্ডীৰ ভিতৰত থাকিব লাগিব ৷ আন্দোলন কৰিবলৈ আমাৰ ফূৰ্তি লগা নাই ।”

লগতে পঢ়ক:আৰক্ষীৰ আবেষ্টনীৰ মাজতে দেশপ্ৰেমমূলক গীতৰ লহৰ প্ৰতিবাদকাৰীৰ - CONGRESS PROTEST IN GUWAHATI

অসমত এতিয়া পূৰ্বৰ দৰে হিন্দু-মুছলমানৰ সংঘাতৰ পৰিৱেশ নাই: মুখ্যমন্ত্ৰীৰ দাবী - ASSAM CM SLAMS RAKIBUL HUSSAIN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.