ক’ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত তিতাবৰৰ প্ৰদীপ শইকীয়া ?

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 12:10 PM IST

thumbnail

যোৰহাট, 1 ডিচেম্বৰ : যোৰহাট জিলাৰ তিতাবৰৰ ডাংধৰাত প্ৰায় এসপ্তাহ ধৰি সন্ধানহীন এজন 55 বছৰীয়া ব্যক্তি। সন্ধানহীন ব্যক্তিজনৰ নাম প্ৰদীপ শইকীয়া। জলসিঞ্চন বিভাগত কৰ্মৰত প্ৰদীপ শইকীয়া ৷

বিগত সপ্তাহৰ শুকুৰবাৰে পুৱা ঘৰৰ পৰা অলপ ওলাই যাওঁ বুলি কৈ গৈছিল লোকজনে ৷ বৰ্তমান প্ৰদীপ শইকীয়াক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালবৰ্গই। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ইয়াৰ পিচতে আৰক্ষীয়েও প্ৰদীপ শইকীয়াৰ সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও 7 দিন পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

পৰিবাৰৰ সৈতে তিতাবৰৰ ডাংধৰাত বসবাস কৰিছিল প্ৰদীপ শইকীয়াই। চাকৰি সূত্ৰে তেওঁলোকৰ পুত্ৰ শিৱসাগৰত থাকে আৰু দুগৰাকী জী বিবাহিত। অকস্মাত লোকজন সন্ধানহীন হৈ যোৱাত প্ৰদীপ শইকীয়াৰ পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ কোনো লোকে প্ৰদীপ শইকীয়াৰ সন্ধান পালে 9365560690 অথবা 8402906030 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

লগতে পঢ়ক: 24 ঘণ্টাৰ অন্তত আৰক্ষীৰ জালত তিনি চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.