International yoga day: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ সাংসদ প্ৰদান বৰুৱাৰ - আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
🎬 Watch Now: Feature Video
ধেমাজি, 21 জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে ধেমাজি পতাঞ্জলি যোগপীঠৰ তত্ত্বাৱধানত আৰু চিলাপথাৰ মাৰোৱাৰী সন্মিলন, মাৰোৱাৰী সন্মিলন মহিলা শাখাৰ সহযোগ ভাৰতীয় জনতা পাৰ্টীৰ চিচি টঙানী মণ্ডল সমিতিৰ আতিথ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । চিলাপথাৰৰ ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ৷
যোগ দিৱসত সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰি কয় যে, যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া ৷ ইয়াৰোপৰি যোগ দিৱসৰ অনুষ্ঠানত চিলাপথাৰ অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: International Day of Yoga : কামাখ্যাত বিশ্ব যোগ দিৱস পালন সাধুবাবাৰ