thumbnail

By

Published : Jun 23, 2023, 2:13 PM IST

ETV Bharat / Videos

International Olympic Day 2023: ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উদযাপন

ডিব্ৰুগড়,২৩ জুন: আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস । ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস । শুকুৰবাৰে পুৱা ৬:৩০ বজাত চৌকিদিঙী খেলপথাৰৰ পৰা জালান আউটড’ৰ ষ্টেডিয়ামলৈ অনুষ্ঠিত কৰা হয় মাৰাথন দৌৰ । এই মাৰাথন দৌৰত প্ৰায় ২ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।  

অলিম্পিক দিৱস উপলক্ষে উলিওৱা এই দৌৰত কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন, লক্ষ্য কোঁৱৰকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল । ইফালে, বিয়লি প্ৰায় ১২:০০ বজাত জালান আউটড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।  

এই অনুষ্ঠানত অংশ কৰি সৰ্বানন্দ সোনোৱালে কয় এই ক্ৰীড়া ক্ষেত্ৰত যিমানে ৰাইজে অংশগ্ৰহণ কৰিব সিমানে সমাজ খন সুন্দৰ হ'ব । ক্ৰীড়াৰ জৰিয়তে আমি শাৰিৰীক তথা মানসিকভাৱে সুস্থ হৈ থাকিব পাৰো । ইয়াৰোপৰি সকলোকে ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে জৰিত হ'বলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: Poor condition of Police station : অস্থায়ী গৃহত চলিছে বেকাজান আৰক্ষী চকীৰ কাম কাজ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.