International Labour Day: মাণিকপুৰত আন্তৰ্জাতিক মে' দিবস পালন

By

Published : May 1, 2023, 9:26 PM IST

thumbnail

মাণিকপুৰ, ১ মে': বঙাইগাঁও জিলাৰ মাণিকপুৰত আন্তৰ্জাতিক মে' দিবস পালন কৰা হয় (International Labour Day at Manikpur) । মাণিকপুৰ কৃষক সভা, নিৰ্মাণ শ্ৰমিক সন্থা, চিপিআই এম, চি আইটি ইউৰ নেতা কৰ্মী সকলে আজিৰ এই আন্তৰ্জাতিক মে' দিবস পালন কৰে । পুৱা  ১০ বজাত হাতে হাতে ৰক্তিম পতাকা লৈ মাণিকপুৰ চাৰিআলি চিপিআই এমৰ কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শোভাযাত্ৰা কৰি শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টা, বিনোদনৰ বাবে ৮ ঘন্টা আৰু জিৰণি ৮ ঘন্টা নিৰ্ধাৰণ কৰাৰ দাবী জনায় (International May day 2023 in Manikpur) ।

শোভাযাত্ৰাৰ অন্তত এক সভাত মিলিত হয় আৰু এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে চি পি আই এমৰ প্ৰবীন নেতা শৈলেন ৰায়ে । তেওঁ কয় যে, ১৮৮৬ চনত আমেৰিকা চিকাগো চহৰত শ্ৰমিকৰ যি মালিক পক্ষৰ বিৰুদ্ধে আৰু নিজৰ পাপ্যৰ দাবীত আন্দোলন কৰিছিল সেই আন্দোলনত মালিক পক্ষই ৬ জন শ্ৰমিকক হত্যা কৰিছিল । ৫০ জনৰো অধিক শ্ৰমিকক আহত কৰিছিল । যি ৬ জন শ্ৰমিকক হত্যা কৰিছিল তেওঁলোকৰ ৰক্তাক্ত চাৰ্ট বিশ্বৰ দৰবাৰত শ্ৰমিকে দাঙি ধৰিছিল আৰু ৰক্তৰে লুতুৰি পুতুৰি চাৰ্টৰ ৰঙৰে শ্ৰমিক ইউনিয়নৰ পতাকাৰ ৰং নিৰ্ধাৰণ কৰে । 

লগতে পঢ়ক: International labour Day : কলগাছিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ মে’ দিৱস উদযাপন 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.