thumbnail

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 2:27 PM IST

ETV Bharat / Videos

গেছ চিলিণ্ডাৰত গেছৰ পৰিৱৰ্তে ওলাল পানী

বঙাইগাঁও, 25 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ বইটামাৰীত ইণ্ডেনৰ টোগলকী কাণ্ড ৷ ইণ্ডেনৰ ঘৰুৱা গেছৰ চিলিণ্ডাৰত ওলাল পানী ৷ এই ঘটনা সংঘটিত হৈছে বইটামাৰীৰ ঢাকানাবাৰী গাঁৱত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ইনডেনৰ হিতাধিকাৰী সুপ্ৰভা ৰায়ে "বইটামাৰী ইণ্ডেন গ্ৰামীণ বিতৰক"ৰ পৰা এটা ঘৰুৱা চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল ৷ কিন্তু চিলিণ্ডাৰটো লগোৱাৰ 12 দিনৰ পিচতে গেছ শেষ হোৱাত সন্দেহ ওপজে পৰিয়ালটোৰ ৷ তাৰ পিচত চিলিণ্ডাৰটো লৰচৰ কৰাত চিলিণ্ডাৰৰ ভিতৰত পানীৰ শব্দ শুনিবলৈ পোৱাত হতভম্ব হৈ পৰে পৰিয়ালটো ৷ আনহাতে গেছ নথকা চিলিণ্ডাৰৰ ওজন 16 কেজি যদিও বৰ্তমান চিলিণ্ডাৰটোৰ ওজন 25 কেজি আছে ৷ 

এই ঘটনা পোহৰলৈ অহাৰ পিচতে জাঙুৰ খাই উঠিছে পৰিয়ালটো ৷ এই ঘটনাটোৱে সমগ্ৰ বইটামাৰী অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি লংকেশ্বৰত চোৰৰ হাত চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.