বাক্সাত অনুষ্ঠিত ইণ্ডো-ভূটান বন্ধুত্ব মেলা - Showcasing traditional culture
🎬 Watch Now: Feature Video


Published : Jan 18, 2024, 2:54 PM IST
বাক্সা,১৮ জানুৱাৰী: তিনি বছৰ বিৰতিৰ পিছত পুনৰ বাক্সা জিলাৰ সুৱণখাটাত অনুষ্ঠিত হৈছে ইণ্ডো-ভূটান বন্ধুত্ব মেলা ৷ য'ত চুবুৰীয়া দেশ ভূটানে বিনিময় কৰে সংস্কৃতিৰ লগতে পৰম্পৰাগত খাদ্য-সম্ভাৰ ৷ বৃহস্পতিবাৰে দুয়োখন ৰাষ্ট্ৰৰ পতাকা উত্তোলনৰ পিছতে আৰম্ভ হয় ১২ সংখ্যক ইণ্ডো-ভূটান বন্ধুত্ব মেলা আৰু ৭২ সংখ্যক সুৱণখাটা মাঘ মেলা ।
ভাৰতৰ পতাকা উত্তোলন কৰে বাক্সা জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই আৰু ভূটানৰ পতাকা উত্তোলন কৰে বিফাৰ সাধাৰণ সম্পাদক নৰবু ৱাংদীয়ে । লগে লগে দুয়োখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । লগতে শান্তিৰ পাৰ চৰাই উৰুৱাই দিয়া হয় । বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে জীপাল হয় সুৱণখাটা মাঘ মেলা বাকৰি। এক উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে মেলাৰ বাকৰিত ।
লগতে পঢ়ক: অসমৰ মানুহে কংগ্ৰেছৰ ন্যায় যাত্ৰা কেৱল সংবাদমাধ্যমতহে দেখিছে- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা