Asian Games 2023 : এছিয়াডত ৰূপৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ; উৎফুল্লিত পৰিয়াল তথা ধনশিৰিবাসী - এছিয়ান গেমছ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 3:37 PM IST

সৰুপথাৰ, 4 অক্টোবৰ : পুনৰ উজলিল তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই ৷ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন অসম কন্যা লাভলীনাৰ ৷ এছিয়ান গেমছত মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে তাৰকা বক্সাৰ গৰাকীয়ে ৷  

ফাইনেলত খেলুৱৈ গৰাকীয়ে সোণৰ পদক অৰ্জন কৰিব বুলি আশা কৰা হৈছিল যদিও ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় ৷ এছিয়াডৰ মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত চীনৰ লি কীয়ানৰ হাতত 5-0 ৰ ব্যৱধানত পৰাস্ত হয় খেলুৱৈ গৰাকী ৷  

এছিয়াডত ৰূপৰ পদক অৰ্জন কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে লাভলীনাৰ পৰিয়াল তথা ধনশিৰিবাসীৰ লগতে ৰাজ্যবাসী ৷ খেলুৱৈগৰাকীৰ এই সাফল্যৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু আদিগুৰু প্ৰশান্ত দাসে ৷ উল্লেখ্য যে পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোহাঁয়ে ৷

লগতে পঢ়ক : Lovlina final match in Asian Games: লাভলীনাৰ বিজয়ক লৈ আশাবাদী পৰিয়াল তথা ধনশিৰিবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.