Newly constructed police station in Jonai: জোনাইৰ নৱনিৰ্মিত আৰক্ষী থানা উদ্বোধন
🎬 Watch Now: Feature Video
জোনাই, ২৫ মে’ : সোমবাৰে ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ জোনাইৰ নৱনিৰ্মিত জোনাই আৰক্ষী থানাৰ শুভ উদ্বোধন কৰা হয় ৷ ফিটা কাটি শুভ উদ্ধোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই (Inauguration of newly constructed police station) ৷ এই শুভ ক্ষণতে জোনাই আৰক্ষী থানাৰ চৌহদত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকে বৃক্ষৰোপণ কাৰ্য্যসূচীও হাতত লয় ৷ সমগ্ৰ ৰাজ্যত অসম চৰকাৰে ৰূপায়ণ কৰা "মৈত্ৰী আঁচনি”ৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাখনো নতুন আৰক্ষী থানা নিৰ্মাণ কৰি থকাৰ সময়তে সমান্তৰালকৈ জোনাই আৰক্ষী থানাকো একেই আঁচনিৰ অধীনত লোৱা হৈছিল ৷
২০২১ চনত জোনাই আৰক্ষী থানাৰ নিৰ্মাণৰ কাম কৰা হৈছিল (Newly constructed police station in Jonai) ৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জোনাই মহকুমাৰ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস, অতিৰিক্ত সহ-আয়ুক্ত বিভাকাঞ্চন গগৈ, নিবাস দাস, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক দলে, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, জেষ্ঠ্য নাগৰিক ৰাহেশ্বৰ পায়েঙৰ লগতে জোনাইৰ বহু জেষ্ঠ্য নাগৰিক, দল সংগঠনৰ বিষয়ববীয়া আৰু ৰাইজ (Jonai new police station) ৷
লগতে পঢ়ক : Junmoni Rabha death case: চি আই ডিৰ দলৰ সৈতে আলোচনা নগাঁৱৰ নতুন আৰক্ষী অধীক্ষকৰ