এবাৰতে চাৰিটিকৈ সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:23 PM IST

তিনিচুকীয়া, ২২ ডিচেম্বৰ : শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ছৈখোৱা ধলাৰ এগৰাকী প্ৰসূতিয়ে ১০৮ এম্বুলেন্সতেই প্ৰসৱ কৰিলে চাৰিটিকৈ সন্তান ৷ আটাইকেইটি সন্তানেই কন্যা সন্তান বুলি জানিব পৰা গৈছে ৷

ছৈখোৱাৰ নাওকটা গাঁৱৰ ৰঞ্জিত বেগৰ পত্নী জিনিফা বেগক ধলাৰ পৰা ১০৮ এম্বুলেন্সেৰে ডুমডুমালৈ নিয়াৰ সময়তে এম্বুলেন্সতে প্ৰসৱ কৰে চাৰিগৰাকীকৈ কন্যা সন্তান । এম্বুলেন্সৰ চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান মাতৃ সহিতে চাৰিগৰাকী কন্যা সন্তান বৰ্তমানলৈকে সুস্থ অৱস্থাত আছে ৷ বৰ্তমান মাতৃৰ সৈতে সন্তানকেইটিক ডুমডুমাৰ চিকিৎসালয়লৈ লৈ অনা হয় এম্বুলেন্সৰ জৰিয়তেই ৷ এগৰাকী মাতৃয়ে চাৰিটিকৈ সন্তান প্ৰসৱ কৰাৰ খবৰটো বিয়পি পৰাৰ পাচতে চিকিৎসালয়খনৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি হয় আৰু বহু মানুহে মাতৃ-কন্যাক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ডুমডুমাৰ চিকিৎসালয়ৰ চৌহদৰ বাকৰিত ৷

লগতে পঢ়ক : বৰপেটাৰোডত চিকিৎসকৰ ভয়ংকৰ কাণ্ড : শিশুৰ শৰীৰত প্ৰয়োগ ৯ মাহ পূৰ্বে ম্যাদ উকলা ভেকচিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.