thumbnail

By

Published : Feb 3, 2023, 3:01 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

ETV Bharat / Videos

Assam drive against child marriage: আটকাধীন লোকৰ আত্মীয়ই উত্তপ্ত কৰিলে মাজুলী থানাৰ চৌহদ

মাজুলী, 3 ফেব্ৰুৱাৰী:  "মোৰ স্বামীক লৈ গ’ল মোকো  লৈ যাওঁক ৷ নহ’লে ইয়াতে চিপ লৈ মৰি থাকিম ৷ আমি নিজেই আহিছোঁ ৷ আমাক জোৰ-জবৰদস্তি অনা নাছিল ৷ আমি নিজেই আহিছিলোঁ ৷ সোনকালেই স্বামীক জেলৰ পৰা উলিয়াই দিয়ক ৷ নহ’লে আমাকো নি বন্দী কৰক ৷" এয়া  বাল্য বিবাহৰ দৰে বেইআইনী কাৰ্যৰে বিবাহপাশত আৱদ্ধ হোৱা পত্নীৰ ভাষ্য ৷  

ইফালে বাল্য বিবাহৰ লগত জড়িত আটকাধীন লোকসকলৰ পৰিয়ালৰো ক্ষোভ দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক ৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁও চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণৰ পিছত কৈছিল, " কাইলৈৰ পৰা বাল্য বিবাহত জড়িত সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ব । অহা ছয়-সাত দিনত ১৮ বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱক বা পুৰুষক গ্ৰেপ্তাৰ কৰা হ’ব । বাল্যবিবাহৰ লগত জড়িত থকা স্বামী, পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক দোষী সাব্যস্ত কৰি POCSO আইনৰ অধীনত বিচাৰ কৰা হ’ব" (Child marriage cases registered in Assam) ৷

মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতেই সষ্টম হৈ পৰে অসম আৰক্ষী (Operation against child marriage) ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে আৰক্ষীয়ে বাল্য বিবাহৰ লগত জড়িত থকা লোকৰ বিৰুদ্ধে আৰম্ভ কৰে অভিযান (Child marriage cases registered in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলী আৰক্ষীয়েও বৃহস্পতিবাৰৰ পৰা চলাইছে এই অভিযান (Assam drive against child marriage) ৷ অভিযানকালত মাজুলীৰ পৰা বৰ্তমানলৈকে সৰ্বমুঠ ২৩ জনক বাল্য বিবাহৰ অপৰাধত আটক কৰিছে (Illegitimate husband arrested From Majuli )  ৷  

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বাল্যবিবাহ কৰা স্বামী তৎকালীনভাৱে আটক কৰি আৰক্ষী থানালৈ লৈ অনাটো সহজভাৱে মানি ল’ব পৰা নাই এই আত্মীয়ই । যাৰ বাবে বাল্যবিবাহত গ্ৰেপ্তাৰ হোৱাসকলৰ আত্মীয়ই মাজুলী আৰক্ষী থানাৰ সন্মুখত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Child marriage in Assam)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভিত গ্ৰেপ্তাৰ হোৱাসকলৰ আত্মীয় । আটক হোৱা সকলৰ আত্মীয়ৰ মন্তব্য "ইহঁতে চুৰি ডকাইতি কৰা নাই নহয় । প্ৰেম কৰি বিয়া পাতিছে, গতিকে খেদি দিব নোৱাৰি নহয় । বয়সৰ কথা যদি আহি পৰিছেই তেন্তে গাঁৱে গাঁৱে জনাব লাগিছিল আগতেই ।" এইবুলি ক্ষোভ প্ৰকাশ কৰে আত্মীয়ই ৷

ইফালে দীঘলীয়া হ’ব বাল্যবিবাহ কৰা লোকৰ তালিকা । প্ৰমাণ পালেই আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মত প্ৰকাশ জিলা আৰক্ষী অধীক্ষক গৌতম বৰাৰ (Operation against Child marriage In Assam)। বৃহস্পতিবাৰৰ পৰা চলোৱা অভিযানত ৰাজ্যৰ এই পৰ্যন্ত 750 জন লোক আটক হৈছে (Assam child marriage case list) ৷

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.