Oil tanker seized: অবৈধভাৱে তেল সৰবৰাহ কৰা টেংকাৰ জব্দ - অবৈধভাৱে তেল সৰবৰাহ কৰা টেংকাৰ জব্দ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:27 PM IST

সৰুপথাৰ,২ ছেপ্টেম্বৰ: বৰপথাৰ আৰক্ষীৰ জালত পৰিল নথিপত্ৰ অবিহনে অবৈধভাৱে তেল সৰবৰাহ কৰা এখন তেলভৰ্তি টেংকাৰ ৷ বৰপথাৰ আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই নিশা গুৱাহাটীৰ পৰা অহা AS-12-E-5111 নম্বৰৰ টেংকাৰখন জব্দ কৰাৰ লগতে টেংকাৰখনৰ চুকুৰ আলী নামৰ চালকজনকো আটক কৰিছে ৷  

জানিবপৰা মতে সৰুপথাৰৰ নাওজান বেতনিপথাৰত থকা ছাঁয়া পেট্ৰল পাম্পলৈ উক্ত টেংকাৰখনে জব্দকৃত তেলখিনি আনিছিল ৷ নাওজানৰ বেতনিপথাৰত থকা উক্ত পেট্ৰল পাম্পটো নাওজানৰে এগৰাকী মহিলাৰ নামত অনুজ্ঞাপত্ৰ আছে যদিও বিগত দুটা বৰ্ষৰ পৰা গুৱাহাটীৰ জনৈক জৈন নামৰ এজন ব্যৱসায়ীয়ে পাম্পটো লিজত চলাই থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে মহিলাগৰাকীৰ স্বামী জিতু তালোকদাৰে ৷  

ইতিমধ্যে তেঁওকো আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰিছে ৷ জিতু তালোকদাৰ ভাষ্য মতে উক্ত পেট্ৰ'ল পাম্পটোলৈ নুমলীগড়ৰ পৰাহে তেল আহে ৷ তেনেক্ষেত্ৰত এই টেংকাৰখনে উক্ত পাম্পটোলৈ গুৱাহাটীৰ পৰা কিয় তেল সৰবৰাহ কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত ৷ তেলৰ ভেজালকৰণৰ বাবে কণ্ডেনচাৰ অইল কঢ়িয়াইছিল নেকি টেংকাৰখনে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আনিব সমগ্ৰ ঘটনাৰ আৰঁৰ ৰহস্য ৷

লগতে পঢ়ক: Silsako Beel eviction : মুখ্যমন্ত্ৰীক কলিযুগৰ দস্যু আখ্যা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.