Illegal Wood Seized:লখিমপুৰত প্ৰায় চাৰিলাখ টকাৰ চোৰাং শিমলু কাঠ জব্দ

By

Published : Aug 1, 2023, 7:08 PM IST

thumbnail

লখিমপুৰ,1 আগষ্ট: লখিমপুৰত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ সোৱণশিৰি নৈৰ বুকুৰে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । সোমবাৰে নিশা লখিমপুৰৰ সোৱণশিৰি নৈৰ ভীমপৰা ঘাটৰ পৰা জব্দ কৰে প্ৰায় চাৰি লক্ষাধিক টকাৰ চোৰাং শিমলু কাঠ ৷ মিচিং জাতীয় সংগঠনৰ তৎপৰতাত সোৱণশিৰি নৈৰ বুকুৰে ভুৰ বনাই লৈ অহা অৱস্থাত এই কাঠখিনি বন বিভাগে জব্দ কৰে ।

আনহাতে সোৱণশিৰি বুকুৰে প্ৰায় প্রতিদিনে চলি থাকে এই ৰমৰমীয়া কাঠৰ বেহা । কিন্তু এইবোৰ দেখি শুনি নিমাত হৈ আছিল জিলা বন বিভাগ । অৱশেষত মিচিং জাতীয় সংগঠনৰ  তৎপৰতাত এই চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় লখিমপুৰ জিলা বন বিভাগৰ লোকে । জব্দকৃত কাঠখিনি সম্প্ৰতি লখিমপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ।

লগতে পঢ়ক:Pranab Saikia Murder: হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব;মন্ত্ৰী জয়ন্ত মল্লৰ পৰিয়ালক আশ্বাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.