Illegal saw mill: মৰিগাঁৱত অবৈধ কাঠফলা মিলৰ ৰমৰমীয়া বেহা - Wood smuggling in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-09-2023/640-480-19592371-thumbnail-16x9-mrg-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 24, 2023, 10:02 AM IST
মৰিগাঁও, ২৪ ছেপ্টেম্বৰ: ৰাজ্যত এক কোটি গছপুলি ৰোপণৰে বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা অব্যাহত থকাৰ সময়তে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত একাংশ অসাধু লোকে অব্যাহত ৰাখিছে বন ধবংসযজ্ঞ । ৰহস্যজনকভাৱে উদাসীন বনবিভাগ । মৰিগাঁৱত বন বিভাগৰ চকুত ধূলি দি অবৈধ কাঠফলা মিলৰ ৰমৰমীয়া বেহা । মৰিগাঁৱত বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে অবাধ লুণ্ঠন । মৰিগাঁও বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনত ভূৰাগাঁও পাঁচআলিত কেইবাটাও অবৈধ কাঠফলা মিল চলি থকা অভিযোগ উত্থাপন হৈছে ।
যিটো সময়ত মৰিগাঁও বন বিভাগৰ ইটোৰ পিছত সিটো দুৰ্নীতি অভিযোগ ফাদিল হৈছে তেনে সময়তে জিলাখনৰ ভূৰবন্ধা, নগাবন্ধা, লাহৰীঘাট, মৈৰাবাৰী, মিকিৰগাঁও, গেৰাখুৱা, মাছখোৱা, চৰাইবহী, এজাৰবাৰী,তেলাহী,মনহা, বঘৰা, কছাৰীগাঁও, বোৱালগুৰি, মিকিৰভেটা, শগুণবাহী, সৰুচলা, মৈৰাবাৰী আদি শতাধিক অঞ্চলত অবৈধ কাঠফলা মিলত দৈনিক অবৈধভাৱে কাঠ ফালি বন ধংসযজ্ঞ অব্যাহত ৰাখিছে । শেহতীয়াকৈ ভূৰাগাঁও অঞ্চলৰ কাজিমুদ্দি আৰু হজৰত নামৰ দুই ক’লা বেপাৰীয়ে দীঘদিন ধৰি মৰিগাঁৱৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰক মেনেজ কৰি কাঠফলা মেচিনৰ ক'লা বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: ncrease in wages of tea workers: ১৮ টকাকৈ বৃদ্ধি পাব চাহ মজদুৰৰ মজুৰি; চৰকাৰে লৈছে সিদ্ধান্ত